পৃষ্ঠা:সম্ভৱতঃ.pdf/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

যাব নুখুজিলে বস্তিৰ পৰা খেদি দিয়াৰ, ধাণ্ডা বন্ধ কৰি দিয়াৰ হুমকি দিয়ে। সিহঁতে বিচাৰিলেই ৱেমাৰী গিৰীয়েক, পিয়াহ খাই থকা কেঁচুৱাক এৰি গুচি যাব লাগে মাইকী মানুহবোৰ।

 উভটি আহোতে গোটেই চহৰখনকে মোৰ ৰুগ্ন যেন লাগিছিল। পথত চলি থকা চিকচিকীয়া নতুন মডেলৰ গাড়ীবোৰ, ওখ ওখ বিল্ডিংবোৰ, সদৃশ্য হোটেল-ৰেষ্টুৰেণ্ট, দামী সাজ-পাৰ পিন্ধা মানুহবোৰ—সকলোতে যেন বিয়পি আছে জটিল ৰোগৰ বীজাণু। যেন আমি সকলো আক্ৰান্ত হ’ব ধৰিছো ক্ৰমে ক্ৰমে...! মোৰ মৌনতাকব্যংগ কৰি অনিৰ্বাণে কৈছিল—‘জীৱন এয়াহে অনুভা! সোণাৰু, কৃষ্ণচূড়া, নদীৰ ঢৌ কিমান চাবি আৰু? সেইবোৰ আচলতে ৰিয়েল লাইফৰ মুখামুখি হ’ব নোখোজা এছকেপিষ্টৰহে উপভোগৰবস্তু।’

 ‘আমি কনিষ্টবলজনকবাধা দিব পাৰিলোহেঁতেন।’ মই স্বগতোক্তি কৰিলো।

 ‘সিহঁতৰ জীৱনৰ স্বাভাৱিক গতিত মুহূৰ্তৰ বাৰে হস্তক্ষেপ কৰি তই একো কৰিব নোৱাৰ অনুভা। আজি আমি বাধা দিলেও কাইলৈ একেখিনি ঘটনাই পুনৰ ঘটিব। — এইবোৰ মানুহৰ জীৱন-শৈলীৰ স্থায়ী পৰিৱৰ্তন ঘটাব নোৱাৰিলে মাজত হস্তক্ষেপ কৰি কোনো লাভ নাই। হিতে বিপৰীতহে হ’ব। আমাৰ কাম সমস্যাখিনি ফ’কাছ কৰা। সেয়া আমি কৰিম। বাকীবোৰ–’ অনিৰ্বাণৰ পাছৰ কথাখিনি মই নুশুনিলো। এই মুহূৰ্তত যেন মোৰ চেতনাৰ নিভৃতত হাত- ভৰি এছাৰি কান্দি উঠিছে কেঁচুৱাটোৱে! আঃ কি কৰিছে ৰাবিয়াই, কেঁচুৱাটোৰ মাকে! ভাগ্যৰ ওচৰত আত্ম সমৰ্পণত অভ্যস্ত মানুহজনীয়ে ধৰ্ষিতা হ’বলৈ স্বেচ্ছাই এৰি দিছে চাগে’ নিজৰ ৰক্ত- মাংসৰ শৰীৰটোক। ... আৰু ... আৰু তাইৰ সেই ভৰুণ স্তন!এটা হাতেৰে এটা স্তন খামুচি ধৰি আনটো স্তন শুহি থকা কেঁচুৱাটোৰ সেই তৃপ্ত ভংগিমা! নিশ্চয় মাতৃ- ৰসেৰে পূৰ্ণ সেই বক্ষ এতিয়া পিষ্ট হৈছে নিৰ্মমভাৱে।

 ‘আ-হ’ মোৰ মুখৰ পৰা যন্ত্ৰণাৰ এটা অস্ফুট শব্দ ওলাই আহিল। মোলৈ কিছুপৰ চাই থাকি স্নেহ আৰু বিৰক্তিৰে অনিৰ্বাণে ক’লে, ‘তই আচলতে ফুল-তৰা-গানৰ কবিতা লিখা ছোৱালী আছিলি। খুব বেছি আৰামী চকীত বহি মাৰে হাতত তুলি দিয়া গাখীৰ খাই খাই সৰ্বহাৰাৰ কবিতা লিখিব লাগিছিল।— ভুলক্ৰমেহেতই ফটোগ্ৰাফাৰ হ’বলৈ আহিলি, আৰু পৰিলিহি প্ৰেছ মেডিয়াৰ পাল্লাত।

 ‘জীৱন আৰু দৰিদ্ৰতা’ই উচ্চ প্ৰশংসা পাইছিল। নিৰ্দিষ্ট বাতৰি কাকতখনৰ চাকৰি এৰি দি মই ফ্ৰী-লান্স কৰিবলৈ আৰম্ভ কৰিছিলো। ক্ৰমশঃ ঊৰ্ধ্বগামী হৈ আহিছিল মোৰ কেৰিয়াৰ ৷ আৰু মই সলনি হ’ব ধৰিছিলো—।

 খুব নিৰ্বিকাৰ হৈ মই ফুটপাথত পৰি ৰোৱা হাত-ভৰি নোহোৱা মানুহৰ ফটো ল’ব পৰা হ’লো। আনকি সিহঁতৰ সমুখত সিহঁতৰ দৰেই মুখ মেলি পৰি থকাবুভুক্ষ ভিক্ষা পাত্ৰক খুচুৰা নোহোৱাৰ অজুহাতত মই অভুক্ষ কৰি এৰি আহিছিলো। কোনো অপৰাধবোধ নাছিল।

 ডাষ্টবিনৰ জাবৰ খুচৰি খাদ্যৰ সন্ধান কৰা শিশুৰ ফটো তুলিছিলো। তাৰ পাছ মুহূৰ্ততে চিকেন- চাওৰ সোৱাদ লওঁতে সম্পূৰ্ণৰূপে পাহৰি গৈছিলো সিহঁতৰ কথা ৷

 ‘অফবিট’ ফটোৰ দ্বাৰা জীৱনৰ অন্য এটা ৰূপ ফুটাই তুলিবলৈ সক্ষম হোৱা বুলি মোৰ নাম হৈছিল। খ্যাতি আহিছিল।

 কিন্তু হঠাতে এদিন মই আৱিষ্কাৰ কৰিলো মোৰ সংবেদনশীল মনটো ভীষণভাৱে ক্ষতিগ্ৰস্ত

হৈছে। ম‍ই ক্ৰমশঃ হেৰুৱাব ধৰিছো মানুহক মানুহ কৰি ৰখা সেই চিৰন্তন বোধ৷ প্ৰকৃতিৰ অকপট

সম্ভৱতঃ১২