সমললৈ যাওক

পৃষ্ঠা:শ্ৰীশ্ৰীশঙ্কৰদেৱ- ভূষণ দ্বিজ কবি.djvu/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪২
৺শঙ্কৰদেৱ।

কেত আক লাগ পাই পুছিলন্ত।
 হৰিষতে বিপ্ৰবৰ।
দেখিবাক লাগি আসি আছোঁ আমি।
 কোন বাৰী শঙ্কৰৰ॥
মাততে জানিলা তিৰোতীয়া বিপ্ৰ।
 বোলন্ত থাকিয়ো এথা।
আছা কি নাহিকা জিজ্ঞাসিয়া মঞি।
 কহিবোঁ তোমাত কথা॥ ১৬৮
অনন্তৰে গই শঙ্কৰত কথা।
 কহিলন্ত লাসে লাসে।
তিৰোতীয়া এক বিপ্ৰ আসি আছে।
 দেখিবাক আভিলাষে॥
মনত আশঙ্কা পচিমত তুমি
 আছা টঙ্কা ধাৰ কৰি।
এতেকে ব্ৰাহ্মণে সোধয় শুনিয়া
 হাঁসিলন্ত উচ্চ কৰি॥ ১৬৯
তত কালে উঠি লড়িলা শঙ্কৰ
 শুনি ব্ৰাহ্মণৰ নাম।
আৰ আগত হৰিষে চলন্ত
 ৰূপৰ নাহি উপাম॥