পৃষ্ঠা:শ্ৰীশ্ৰীশঙ্কৰদেৱ- ভূষণ দ্বিজ কবি.djvu/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৩
৺শঙ্কৰদেৱ।

দূৰতে দেখিয়া চিনিলা ব্ৰাহ্মণে
 গৌৰাঙ্গ সব শৰীৰ।
গজ গতি লীলা গমনে অসন্ত
 সাগৰ সম গম্ভীৰ॥ ১৭০
আজানু লম্বিত দুই খান ভুজ
 সুদীৰ্ঘ আঙ্গুলি চয়।
মুখপদ্ম যেন চন্দ্ৰৰ মণ্ডল
 বহল পুষ্ট হৃদয়॥
পাটভূমি মাটি লোটন্তে আছয়
 গাৱত পাটপামৰি।
যেন সূৰবৰ প্ৰকাশি আছন্ত
 চাহছন্ত নেত্ৰ ভৰি॥ ১৭১
মনত বোলন্ত এহেন্তে শঙ্কৰ
 দৰশন ভৈলোঁ আসি।
মহা ভাগ্যোদয় মিলিল আমাৰ
 দূৰ গৈলা পাপ ৰাশি॥
জগন্নাথে কৃপা কৰি পাঠাইলন্ত
 মানিলন্ত বিপ্ৰবৰ।
শঙ্কৰে আশ্বাসি ব্ৰাহ্মনক পাচে
 নিলন্ত আপুন ঘৰ॥ ১৭২