পৃষ্ঠা:শ্ৰীশ্ৰীশঙ্কৰদেৱ- ভূষণ দ্বিজ কবি.djvu/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪১
৺শঙ্কৰদেৱ।

চেতন লভিয়া   মনত গুণিয়া
 দেখিয়া স্বপ্ন বিশেষ।
উদয় ৰাজ্যক   যাইবে জগন্নাথে॥
 কৰিলা মোক আদেশ॥ ১৬৫
প্ৰভাতে উঠিয়া   স্নান কৰি বিপ্ৰ
 জগন্নাথ দৌলে গৈলা।
প্ৰদক্ষিণ কৰি   নমস্কাৰ কৰি
 বিদায় মাগিয়া লৈলা॥
জগন্নাথ আজ্ঞা   শিৰোগত কৰি
 দ্বিজবৰ লড়িলন্ত।
যাত্ৰীৰ লগত   পৰম হৰিষে
 কামৰূপ আসিলন্ত॥ ১৬৬
দুই গুটি মনুষ্য লগত চলয়
 পন্থক সোধন্তে যায়।
ব্ৰহ্মপুত্ৰ তীৰ্থ তৰিয়া আনন্দে
 দক্ষিণ কূল পাইলন্ত॥
অনুক্ৰমে সৱে দেশক এড়ায়া
 ৰাজ্য পাইল আসমৰ।
তেম্বৱনি বন্ধ বৰদোৱা গ্ৰাম
 পাইলা পাচে শঙ্কৰৰ॥ ১৬৭