সমললৈ যাওক

পৃষ্ঠা:শ্ৰীশ্ৰীশঙ্কৰদেৱ- ভূষণ দ্বিজ কবি.djvu/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৫
৺শঙ্কৰদেৱ।

টান কৰি পৃথিবীত ধুথুৰি থোকচি।
ঘাৰ পাক দিয়া তাক পেলাইলা হেম্পচি॥৯৮
মড়মড় কৰি হাড় ঘাৰৰ ভাঙ্গিল।
মহা পীড়া পায়া মূত্ৰ পুৰীষ এড়িল॥
পাচ গুচি কতদূৰে পৰিলেক যাই।
যেন অৰিষ্টক কৃষ্ণে পেলাইলা লীলাই॥৯৯
শঙ্কৰৰ হাতত হৈলেক ৰণ্ডভণ্ড।
মৰা যেন নিঃচেষ্ট পৰিয়া ৰৈল ষাণ্ড॥
নলড়য় পুচ্চ কৰ্ণ চক্ষু নেমেলয়।
কেৱলেসে কলাধাতু গাৱত আছয়॥ ১০০
ডেকাগিৰি আছন্ত ষাণ্ডক ৰঙ্গে চাই।
কম্বল ধৰাৰ গাৱে শ্ৰুতি জ্ঞান নাই॥
মৰিলেক ষাণ্ড বুলি মনে ভৈল ত্ৰাস।
নিহালিয়া যাণ্ডৰ নাকৰ চাৱে শ্বাস॥ ১০১
মৰা যেন পৰি আছিলেক দণ্ড চাৰি।
নাকৰ নিশ্বাস আসে অল্প অল্প কৰি॥
সাস্তম হইয়া ষ্ণ্ড কিছো শ্ৰুতি পাইল।
এক আখি মেলি শঙ্কৰৰ ভিতি চাইল॥১০২
শঙ্কৰক দেখি মহা ভয় সম্পজিলা।
পুনু চক্ষু মুদি মনে গুণিতে লাগিলা॥