সমললৈ যাওক

পৃষ্ঠা:শ্ৰীশ্ৰীশঙ্কৰদেৱ- ভূষণ দ্বিজ কবি.djvu/১২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১২৩
৺শঙ্কৰদেৱ।

উপবাস দিয়া সবে   শঙ্কৰক গুৰু মানি
 কৃষ্ণত শৰণ লৈলা পাচে॥
শঙ্কৰ মাধৱ দুই   গুণ চৰিত্ৰক শুনি
 মহাৰঙ্গ মিলিল সবাৰ।
জ্ঞান ধৰ্ম্ম জানিলন্ত   কৃতকত্য মানিলন্ত
 আতি আনন্দৰ নাহি পাৰ॥ ৪৯৬
আনো বাৰ বেৱসাই   কৰি নাৰায়ণে আসি
 সমস্তকে তাৰ বণ্টা দেন্ত।
শঙ্কৰ দেৱৰ ভক্তি   ধৰ্ম্ম বেৱসাই কৰি
 সমস্তৰে আগে কহিলন্ত॥
পুষ্প তাম্বুলক দিয়া   সবাহাঙ্কে সন্তোষিয়া
 একেলগে যাইবাক সাজিল।
শুনা আত পৰে আবে   শঙ্কৰ দেৱৰ তৈত
 গৃহাৰম্ভ যি ঠাইত কৰিলা॥ ৪৯৭


বেতঁবাঁস তৰা   বনে ব্যাপি আছে
 বড়া পণ্টা গ্ৰাম জুৰি।
কোন স্থানে ঘৰ   বাৰি সব হন্ত
 শঙ্কৰে চাহিলা ফুৰি॥