সমললৈ যাওক

পৃষ্ঠা:শ্ৰীশ্ৰীশঙ্কৰদেৱ- ভূষণ দ্বিজ কবি.djvu/১০৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১০৫
৺শঙ্কৰদেৱ।

মনত হৰিষে মঞি আগ বাঢ়ি গৈলোঁ।
জীলোণ জীলোঁ বুলি ৰঙ্গে সাৱটি ধৰিলোঁ॥
মাধৱৰ নেত্ৰে লোহ পৰে সৰ সৰি।
কৰিলা প্ৰণাম মোৰ চৰণত ধৰি॥ ৪১৩
কান্দিবাৰ দেখিয়া মনত মহা দুখ।
কহিলা বৃত্তান্ত পাচে বস্ত্ৰে মুছি মুখ॥
পন্থে পাই দুই হাঙ্কো আহোমে ধৰি নিল।
এড়ি দিল মোক মোৰ সখক কাণ্টিল॥ ৪১৪
কতবা জন্মৰ ভাগ্য আছয় আমাৰ।
সিহেতু চৰণ আসি দেখিলোঁ তোমাৰ॥
পড়োকি শৰীৰ আত নকৰোঁ বিশ্বাস।
তজু সেৱা বিনে হোৱে বৃথা জন্ন নাশ॥ ৪১৫
এহি বুলি মাধৱ বিস্তৰ কান্দিলন্ত।
প্ৰিয় বাক্যে তাঙ্ক পাচে কৰলোঁহো শান্ত॥
কৃষ্ণৰ ভকত শান্ত সুশীল স্বভাৱ॥
মোৰ মহা প্ৰিয়তম সুহৃদ মধৱ॥ ৪১৬
ৰাম ৰাম গুৰু মহা বৈষ্ণব সুশান্ত।
ৰাগ দ্বেষ ৰহিত কৃষ্ণৰ গুণ গান্ত॥
পৰম হৰিষে ৰঙ্গে কীৰ্ত্তন কৰন্ত।
তাল ধৰি মাধৱে আপুনি পালি গান্ত॥ ৪১৭