সমললৈ যাওক

পৃষ্ঠা:শ্ৰীশ্ৰীশঙ্কৰদেৱ- ভূষণ দ্বিজ কবি.djvu/১০৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১০৪
৺শঙ্কৰদেৱ।

শুনা নাৰায়ণ তুমি মোৰ প্ৰিয়ত্তম।
নাহিকে বান্ধৱ মোৰ মাধৱৰ সম।
জমাইত অধিক মোৰ শোক মাধৱক।
মাধৱৰ শোকে মোৰ পোড়ে শৰীৰক॥ ৪০৮
মিলিল আনন্দ মাধৱক লাগ পাইলোঁ।
কোন দৈৱ দোষে মাধৱক হৰুৱাইলোঁ॥
জমাই মাধৱক একেলগে নিলে ধৰি।
কান্টিবেক দুৰ্জ্জন আহোমে খান্দা ধৰ॥ ৪০৯
মাধৱক পাই মঞি শুনিলোঁ মনত।
মোৰ মনে তুল্য সৰ্ব্ব শাস্ত্ৰৰ পণ্ডিত।
আচাৰ্য্য পাতিয়া থৈবো সমস্তে লোকৰ।
উপদেশ ধৰি লোক তৰিব বিস্তৰ॥ ৪১০
মাধৱৰ বিয়োগে ভৈলেক আৰা ছেদ।
হৰি হৰি বিনে মোৰ ভৈল হৃদি খেদ॥
মাধৱৰ শোকে দেখোঁ দিনতে আন্ধাৰ।
শুনা নাৰায়ণ খেদ কৰিলোঁ আপাৰ॥ ৪১১
হৰিব কাণ্টিয়া মাধৱক এড়ি দিলা।
জমাইক সুমৰি কান্দি মাধৱে আসিলা॥
উৰ্দ্ধ মুখে চাহি আছো পন্থক নিৰেখি।
আসিলন্ত মাধৱ ভৈলোহোঁ দেখাদেখি॥ ৪১২