পৃষ্ঠা:শ্ৰীমদ্ভগৱত্‌‌‌‌গীতা বা কৃষ্ণগীতা.djvu/১১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৫
শ্ৰীমদ্ভগৱদ্‌গীতা

দেহ এৰি জন্ম হৈব বিবেকীৰ থান।
সেহি দেহে গতি পাৱে জন্ম নাহি আন॥
অতবী দুৰ্ল্লভ জন্ম ইতিনি লোকত।
যোগভ্ৰষ্ট হুয়া জন্ম লভে যেনমত॥ ৪২০
যদ্যপি অৱশ্যে বিষয়ত থাকে জ্ঞানী৷
তভো পূৰ্ব্ব যোগৰ অভ্যাসে নই টানি॥
এহিমতে যোগাশ্ৰয় কৰে নানা ভাৱে।
চিৰকাল চিন্তি যোগ সংসিদ্ধিক* পাৱে॥ ৪২১
চিৰকাল ব্যৱস্থাৰ শুনিয়োক পাৰ্থ।
ভ্ৰষ্ট ভৈলে যিটো মোক অল্প ভৰে মাত্ৰ॥
ঈশ্বৰৰ অৰ্থে কৰ্ম্ম কৰিতে যুৱাই।
কৰ্ম্ম নকৰিলে তাৰ চিত শুদ্ধি নাই॥ ৪২২
পুনু কৰ্ম্ম কৰিলেসে চিত্তশুদ্ধি তাৰ।
চিত্তশুদ্ধি ভৈলে ভক্তি হোৱে পুনৰ্ব্বাৰ॥
দৃঢ়ভক্তি ভৈলে পাচে জ্ঞান হৈব ভাল।
সাধনাৰ অপেক্ষায় বুলি চিৰকাল॥৪২৩
কৃচ্ছ্ৰচান্দ্ৰায়ণ† তপ কৰে যিটো প্ৰাণী।
তাহাতো অধিক যিটো শাস্ত্ৰ জ্ঞানী॥
সৰ্বসাস্ত্ৰ জ্ঞানীৰো যে আৰো আছে শ্ৰেষ্ঠ।
বাট পুষ্কৰণী কুপ কৰ্ম্ম কৰে ইষ্ট॥ ৪২৪

________________________________________________________________________
 সংসিদ্ধিক — সম্যক সিদ্ধিলাভ †কৃচ্ছ্ৰচান্দ্ৰায়ণ — ব্ৰতবিশেষ।