পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/২১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৯০ মাৰ যাবলৈ ধৰিব, তেতিয়া আমাৰ নিচিনা আজলী, আঁকৰী, চাহিনী গগাপিনীলৈ কি আৰু তেওঁৰ মনত পৰিব? নাইবা, সেই সুভাগিনীবৰ্গৰ অনুৰোধ অৱহেলি আকৌ কি প্ৰাণহৰি মথুৰাৰপৰা বৃন্দাবনলৈ উলটি আহিব।কেতিয়াও নাহে। আজি মধুপুৰত দাশাহ্, ভোজ, অন্ধক, বৃষ্ণি আৰু সাৰ্বত যাদৱগণৰ অপূৰ্ব্ব নয়নোৎসৱ মিলিব! সৌন্দৰ্য্য আৰু মাধুৰ্য্যৰ মণি শ্ৰীপতি দৈৱকীনন্দন বাটত দৰ্শন লাভ কৰি সিবিলাকৰ চকু চৰিতাৰ্থ হব (১)। -Orom (১) শ্ৰীমদ্ভাগৱত, দশম স্কন্ধ, ৩৯ আধ্যা, ২১-২৩ মোক।