পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/২৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দুৰ্য্যোধন-বধ। ৰণৰ অন্ত পৰিল, কিন্তু নৰহত্যাৰ অন্ত নপৰিল। সেই দুৰ্যোৰ ৰাতি, কুলনাৰীগণে হাতত আৰিয় লৈ ৰণক্ষেত্ৰত প্ৰিয়জনৰ মৃতদেহ শেহবাৰ দৰ্শন কৰি নিনিত প্ৰকৃতিকে কন্দুৱাই যোৱাৰ পাচত, সকললটি দুখ-ভাগৰ বেজাৰ-অসন্তোষত অভিভূত হৈ শেহ ৰাতি টোপনিত লালকাল দি পৰিল। সেই ছগতে সন্তপ্ত অশ্বত্থামাই মৰসাহ দি, গুপ্তভাৱে পাণ্ডৰ শিবিৰত প্ৰৱেশ কৰি, টোপনিত অচেতন হৈ পৰি থকা দ্ৰৌপদীৰ পাচ পূত্ৰ (১) আৰু পাঞ্চাল কোৱঁৰ ধৃষ্টদ্বয় আৰু শিখণ্ডীৰ মূৰ কাটি আনি মৃত্যুমুখী দুৰ্য্যোধনৰ আগত দিলেগৈ। পিচদিনা পুৱা উঠি সকলোৰেই পাৰ শিবিৰত হাহাকাৰ লগালে, চৌপাশে বিলাপৰ কোদাল উঠিল, বিজয়-পতাকাৰ আনন্দ হেন্দোলনিৰ তলত পৰাজয়ৰ বিষাদ কালিমা বিস্তাৰ হল। শ্ৰীকৃষ্ণই ইমানতে ৰণক্ষেত্ৰৰপৰাই স্বৰাজ্য দ্বাৰকালৈ বিদায় লবলৈ বুলি যুধিষ্ঠিৰৰ কাষ চাপেগৈ; কিন্তু কৃষ্ণবিনে এৰাবাৰী যেন হস্তিনাপুৰত গৈ প্ৰৱেশ কৰাটো পাণ্ডৱৰ পক্ষে অসম্ভব যেন বোধ হল। গতিকে, অগ্ৰজপ্ৰতিম পাণ্ডৱৰাজৰ বাঞ্ছামতে বাসুদেৱে পুনৰপি হস্তিনাপুৰলৈকে উলটি গৈ, তাৰপৰা একেবাৰে শেষবিদায় লোৱাটোকে স্থিৰ কৰিলে। (১) কথিত আছে, দুৰ্যোধনে, উভঙ্গৰ পাচত, অথবা আদি থকা কৌৰৱ সেনালৰ ঘাই সেনাপতি পাতি এই আদেশ কৰিছিল যে, তেওঁৰ মৃত্যুৰ পূৰ্বেই পঞ্চপাণ্ডৱ আৰু পাখাল কোৱৰৰ মূৰ কাটি আনি তেওঁৰ আগত দেখুৱা- বহি লাগিব। সেই অনুসৰি অখণমাই চৌৰ আক্ৰমণত পাচপাণ্ডৱ বুলি ভাবি দ্ৰৌপদীৰ পাঁচ পুত্ৰৰ মুৰ কাটি নি দুৰ্য্যোধনৰ দেখুৱায়গৈ আৰু ধৃষ্টদ্যাৰ আৰু শিখণ্ডীৰ বৰ লগতে সেই পঞ্চমুখ গণনা কৰি দুৰ্য্যোধনে অমিত ভ্ৰান্তিমুখ অনুভব কৰিছিল। -মহাভাৰত, সৌপ্তিক পৰ্ব।