পৃষ্ঠা:শিশুপাল বধ.djvu/৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ২ )

তই কতমান ভাল॥ বসিবাৰ পৰা, কদৰ্থনা কৰ, এভোনেৰ তই মোক। নমাতি থাকিলে, এড়াইবে নোৱাৰোঁ, কিছুমাতি বোহোঁ তোক॥ ৩ ॥ অতক পলাইলোঁ, তেওঁ যে নেড়াইলোঁ, তই পাপীষ্ঠৰ হাত। কিসক এতেক, লপস অধিক, ৰাজাৰ ৰাজ সভাত॥ জগত খানত, সৰু বড় যত, আছয় প্ৰাণী সমস্ত। মই যে নজানোঁ, কোনে এনে কৰে, মনুষ্যৰ সমাজত॥ ৪ ॥ সামান্য জনক, ৰাজ সমাজত, কোনে নো ধিক্কাৰ কৰে। আজি সমাজত, এতেক কদৰ্থ, কোননো দোষ অন্তৰে॥ পূৰবৰে পৰা, তই শিশুপাল, ভাল নেদেখস মোক। মিছা যে কাৰ্য্যত, সমাজ খানত, এতেক কদৰ্থ মোক॥ ৫ ॥ আজি সমাজত, কদৰ্থনা কৰি, তেওঁ যে তুষ্টন ভৈলি। মোহোক এতেক, ধিক্কাৰ কৰিয়া, কতমান বড় ভৈলি॥ আজি সমাজত, এতেক মাতস, নিন্দা কদৰ্থনা কৰি। গাৱটোক নিন্দি, শান্তিক নপাইলি, আৰু