পৃষ্ঠা:শিশুপাল বধ.djvu/২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

শ্ৰীকৃষ্ণায় নমঃ।
শিশুপাল বধ।
⸻০⸻
দুলৰি।


 ৰটে শিশুপাল, শুনিয়া গোপাল, মনত আছন্ত হাসি। একো যে আসাৰে, একোটী চিঙ্গিল, কমল ফুলৰ পাসি॥ কমলো অতা- ইল, হাতৰো এড়াইল, তেও আছা হৰি শুনি। বোলন্ত ইহাৰ, সবে প্ৰতীকাৰ, সাধিবোঁ সবে আপুনি॥ ১ ॥ সবে অপৰাধ, সম্পূৰ্ণ সিজিল, সাক্ষাতে জানিলা হৰি। আৰু দশগোটা, অধিক এড়িল, হাতত যে লেখা কৰি॥ ইমান বচন, বুলি নাৰায়ণ, তাহাৰ সমুখ ভৈলা॥ অল্প অল্প কৰি, দেব শ্ৰীহৰি, ৰাজাক মাতিবে লৈলা॥ ২ ॥ হাসিয়া হাসিয়া, শ্ৰীকৃষ্ণে বোলয়, শুন তই শিশুপাল। ৰাজ সমাজত, এতেক কদৰ্থ,