পৃষ্ঠা:লোককলা ওজাপালী আৰু সমাজ.pdf/৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
লোককলা ওজাপালি আৰু সমাজ

তালৰ মান ৰাখি থাকিব লাগে যাতে ওজাজনে পদ দিব খোজোতে তাল ভঙ্গ নহয়। কিছু ক্ষেত্ৰত কোনো কোনো ওজা দলৰ ক্ষেত্ৰত দেখা যায় পালী শিল্পী সকলে সুযোগ বুজি সমাজৰ সন্মুখতে ধুম্ৰপান আদি কৰাৰ দৰে গাঢ়িত কাম কৰে। এনে কৰ্মই শিল্পীৰ মৰ্য্যদা হানিকৰ হয়। আন কিছুমান শিল্পী নিজৰ খেয়াল খুচিমতে বহি থকা, ইফালে সিফালে মানুহৰ লগত কথা পাতি থকা দলৰ সন্মান হানিকৰ কথা।

 এষাৰ কথা আছে—

মানীজানে মানক
কাঠৰ ঢেকী কি জানে
বানি মৰে ধামক

 সন্মান দিব পাৰিলে সন্মান পোৱাৰ যোগ্যতা অৰ্জন হয়। গাওঁৰ মানুহে অতীজতে কৈছিল, বৰ্ত্তমানেও কয় যে ৰজা হ’ব পাৰি কিন্তু ওজা হোৱা বৰ টান। কথাষাৰৰ সত্যতা চিৰ যুগমীয়া। অতি কঠিন কলা। আনহাতে ওজাপালী শিল্পী সকলৰ দৰে সন্মান আন কোনো কলাৰ দেখা পোৱা নাযায়। যদি আমি অলপ চিন্তা কৰি চাও ওজাপালীৰ দৰে মণ্ডপৰ সন্মুখত আসন কোনো কলাৰ নাই। পৰিস্কাৰ-পৰিচ্ছন্নতা সেইবাবে ওজাপালীৰ নিত্যান্তই প্ৰয়োজন।

 এনেকুৱা ধৰ্মীয় আৰু সন্মানজনক সংস্কৃতি ওজাপালী। কিন্তু দুৰ্ভাগ্য এই কলাবিধে কোনো ধৰণৰ নতুন ৰূপ লবলৈ সক্ষম হোৱা নাই। ইয়াৰ মূল কাৰণ শিল্পী সকলৰ অন্য মনস্কতা। নৃত্য-গীত পৰিৱেশন কৰি

অলপ ধন উপাৰ্জন কৰাই যেন তেওঁলোকৰ কৰ্ত্তব্য। এনে মনোভাৱৰ বহু

৭৫