পৃষ্ঠা:লোককলা ওজাপালী আৰু সমাজ.pdf/৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
লোককলা ওজাপালি আৰু সমাজ

সমাজৰ মনত বাহ্যিক নহৈ অৰ্থপূৰ্ণ আৰু গ্ৰহণযোগ্য হৈ উঠিব। পৰিৱেশনকালত মাৰ্জিত শ্ৰুতিমধুৰ ভাষা ব্যৱহাৰ কৰিব পাৰিলে বেছি ভাল। পদৰ মাধ্যমত যেনে ধৰণৰ পদত সংস্কাৰমূলক কথা আছে তেনেক্ষেত্ৰত সংস্কাৰমূলক কাহিনী উপস্থাপন কৰি সমাজক বুজাব লাগিব। এনে ভুল কৰিলে এনে ধৰণৰ পৰিণতি ভোগ কৰিব লাগে। বয়োজ্যেষ্ঠ মানুহৰ সমাজত তত্বগধুৰ কাহিনী বা ধৰ্মমূলক কথা উপস্থাপন কৰা ভাল। ইয়াৰ বাবে ওজা ডাইনাপালী দুয়োজন বাকপটু আৰু মিষ্টভাষি হ’ব লাগিব। ইয়াৰ বাবে ওজা বা বিশেষকৈ ডাইনাপালীজনে অধ্যয়ন কৰিব লাগিব। বিভিন্ন শাস্ত্ৰ, বিভিন্ন পুৰাণ, বিভিন্ন ব্যক্তিৰ সান্নিধ্যই প্ৰয়োজনীয় জ্ঞান আহৰণত ইন্ধন যোগায়। লোক সমাজত প্ৰচলিত বহু অলিখিত কাহিনী বা কিম্বদন্তি ডাইনাপালীক যথেষ্ট পৰিমানে সহায় কৰে। হেৰাই যাব খোজা, মুখে মুখে বাগৰি অহা ভাল ভাল কাহিনী ওজাপালীৰ মাধ্যমত ব্যৱহাৰ কৰিব পাৰিলে আমাৰ থলুৱা মাত-কথা বা কাহিনীবোৰ জীয়াই থাকিব। কিন্তু এইবোৰ কাম বেছি পৰিমানে অৰ্থপূৰ্ণ হোৱা ভাল। বহু ক্ষেত্ৰত দেখা যায় ওজাই ডাইনাপালী পদৰ ওপৰত গুৰুত্ব নিদি কথাই কথাই বাহিৰা কথা বা ৰগৰ কৰিব খোজে। এইটো ভাল কথা নহয়। তেনে ক্ষেত্ৰত প্ৰচাৰ কৰিব খোজা পদাংশ নিম্নমানৰ হৈ পৰে৷ আনহাতে ওজা ডাইনাপালী পদ ভাঙনি কৰা সময়ত পালী শিল্পী সকলে কি কৰা উচিত তাৰ কিছু উদাহৰণ দাঙি নধৰিলে কথাবোৰ আধৰুৱা হ’ব। সেই সময়খিনিত পিচৰ শাৰীত থকা পালী শিল্পী সকলে ওজা ডাইনাপালীৰ

সহায়ক হৈ প্ৰয়োজনবোধে তালৰ ঝংকাৰ বা একেবাৰে সৰু সৰুকৈ

৭৪