পৃষ্ঠা:লোককলা ওজাপালী আৰু সমাজ.pdf/৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
লোককলা ওজাপালি আৰু সমাজ

শিল্পী আছে। ভৱিষ্যত চিন্তা এইসকল শিল্পীৰ নিস্প্ৰয়োজন। এই শিল্পী সকলৰ সৰ্বসন্মত কোনো ভাল অনুষ্ঠান নাই। যি অনুষ্ঠানৰ জৰিয়তে শিল্পী সকলৰ দুখ-দুৰ্গতি কাৰোবাক অৱগত কৰিব পাৰিব। এনেকুৱা অনুষ্ঠান সংঘ-সমিতি এওঁলোকৰ মাজত দেখা নাযায়। ফলত দল সমূহৰ মাজত বিশৃংখল মনোভাব।

আভ্যন্তৰ :

 শিল্পী সকলৰ কোনো ধৰণৰ বন্ধা ধৰা নীতি, বাধ্য বাধকতাৰ ব্যৱস্থা নথকা বাবে থঠাচ যেনে, মন তেনে ধৰণেৰে নিজৰ স্বাৰ্থ পূৰণ কৰে।

 কোনো এটা দলে যদি এখন পূজাৰ পাৰিশ্ৰমিক পাঁচ হেজাৰ টকা নিৰ্ধাৰণ কৰে, আন এটা দলে সেই পূজাখন তিনি বা চাৰি হেজাৰ টকাত পৰিৱেশন কৰে। ইয়াৰ ফলত সমাজৰ মাজতো উচ্চ-নীচ ভাবৰ সৃষ্টি হয়। কম পইচাত পোৱা দলবোৰক নিমন্ত্ৰণ দি পূজা সেৱাৰ কাম চলাই নিয়ে। ফলত উচ্চ খাপৰ পাৰদৰ্শীতা থকা দলবোৰে হয় বহি থাকিব লাগিব নতুবা নিম্নমানৰ শিল্পী সকলক অনুকৰণ কৰিবলগীয়া হয়। যি নীতি শিল্পী সকলৰ সন্মান লাঘৱ কৰে তেনে ধৰণৰ কিছুমান কাম শিল্পীৰ এটা চামে চিৰদিন কৰি আহিছে। মানুহৰ ঘৰে ঘৰে গৈ অনুষ্ঠান বন্দবস্ত কৰা, পাৰিশ্ৰমিক নিৰ্ধাৰণ নকৰাকৈ আপোনালোকে যি দিব বুলি ভালৰি লগাই ভবিষ্যতৰ পথ সুগম কৰি থোৱা ইত্যাদি।

 শিল্পী সকলে ঐক্যবদ্ধ হ’বলৈ বহু শিল্পীৰ অনিচ্ছুকতা। ৯০ দশকৰ

৭৬