পৃষ্ঠা:লোককলা ওজাপালী আৰু সমাজ.pdf/৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
লোককলা ওজাপালি আৰু সমাজ

ওজাপালীক পাঠ্যপুথিৰ পাঠত

 এই কলাবিধৰ বাবে অতি শুভ লক্ষণ, এই সম্পৰ্কে আগত আলোচনা কৰা হৈছে। আলোচনা কৰিব খুজিছো আন এটা বিষয়ৰ ওপৰত।

 ১। পাঠ্যপুথিত ওজাপালী সম্পৰ্কে দিয়া পাঠ কেনে ধৰণে ছাত্ৰ- ছাত্ৰীক দান কৰা হয়।

 ২। ওজাপালী সম্পৰ্কে জ্ঞান দিবলৈ নিয়োজিত শিক্ষক সকল ওজাপালী সম্পৰ্কে কিমান সজাগ আৰু জ্ঞানী।

 ৩। ওজাপালীৰ শিল্পী সকলে ঐকান্তিক বাবে আঠ-দহ বছৰ লাগি থকাৰ পিছতো ওজপালী সম্পৰ্কে এটা ভাল বক্তৃতা বা তথ্য দাঙি ধৰিব নোৱাৰে।

 ৪। আমি আচৰিত ওজাপালী সম্পৰ্কে অনভিজ্ঞ শিক্ষকৰ জৰিয়তে ছাত্ৰ-ছাত্ৰী সকলৰ মাজত ওজাপালী সম্পৰ্কে ভূল বাখ্যাই ছাত্ৰ- ছাত্ৰীৰ মনত প্ৰকৃত জ্ঞানৰ পৰিৱৰ্ত্তে কলাবিধৰ প্ৰতি ভুল ধাৰণাই স্থিতি হ’ব নেকি?

 ৫। শিক্ষা বিভাগক অনুৰোধ কৰা যায়, যিসকল শিক্ষকে ওজাপালী সম্পৰ্কে পাঠদান কৰে এই শিক্ষক সকলক কিছু আভাস দিয়াৰ উদ্দেশ্যে ওজাপালীৰ বিজ্ঞ শিল্পীৰ দ্বাৰা কৰ্মশালা অনুষ্ঠিত কৰিলে শিক্ষাগুৰুসকলে অতি সোনকালে ছাত্ৰ-ছাত্ৰীক দিবলগীয়া পাঠৰ আভাস গ্ৰহণ কৰিবলৈ সহজ হ’ব।

 ৬। কঠিন কলাবিধৰ আভ্যন্তৰিণ বিষয়বস্তু সমূহ, সহজভাবে গ্ৰহণ

৫৭