পৃষ্ঠা:লোককলা ওজাপালী আৰু সমাজ.pdf/৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
লোককলা ওজাপালি আৰু সমাজ

অভিনয় কৰে।

১৪। এইবোৰ দেখি নতুন চামৰ মাজত উক্ত কলাবিধৰ বাবে মন ধাৱমান নোহোৱাটো স্বাভাৱিক।

১৫। এচামৰ মাজত দেখা যায় সাংস্কৃতিক সন্ধিয়া, হিন্দী গীতৰ পয়োভৰ ইত্যাদি কাৰণত মনবোৰ কৃষ্টিৰ বিপৰীতমুখী কৰি তুলিছে।

১৬। কৃষ্টি সংৰক্ষণৰ দাবী তুলি চৰকাৰ বা আন কোনো সংস্থাৰ ওচৰত প্ৰস্থাৱ উত্থাপন কৰাৰ বাবে যোগ্য শিল্পীৰ সৎ সাহসৰ অভাৱ৷

১৭। প্ৰাচীনতম কলাবিধৰ শিল্পীসকলৰ মাজত কোনো ধৰণৰ সংস্থাৰ কাৰ্য্যকলাপ চকুত নপৰে।

১৮। চৰকাৰৰ ওচৰত দাবী প্ৰতিপন্ন কৰিব পৰা, কোনো ধৰণৰ চৰকাৰৰ পঞ্জীভূক্ত, নিয়মাৱলী সম্বলিত শিল্পী সমিতিৰ সংগঠন নোহোৱা বাবে ই চিৰকালে চৰকাৰৰ অৱহেলিত হৈ আহিছে।

১৯। শিল্পী সকলৰ মই বৰ ভাবধাৰাৰ বাবে সংগঠন দিৰ্ঘম্যাদি নহয়।

২০। অৰ্ধ শিক্ষাই শিল্পী সকলৰ উন্নতিৰ হেঙাৰ বুলি উল্লেখ কৰিব পাৰি৷

২১। আনহাতে শিল্পী সকলৰ অহমিকা ভাবেৰে আনক অনুসৰণ

নকৰাটো শিল্পী চামৰ এটা বিশেষ ব্যধিত পৰিণত হৈছে।

৫৫