পৃষ্ঠা:লোককলা ওজাপালী আৰু সমাজ.pdf/৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
লোককলা ওজাপালি আৰু সমাজ

কৰিলে সমাজৰ ক্ষতি আৰু কলা বিধৰ মানদন্দ নিম্নমানৰ হোৱাটো ধুৰূপ।

 ৭। আগতে কোনো পাঠত শিক্ষকে ছাত্ৰ-ছাত্ৰীক বুজাইছিল, ওজাপালী নৃত্য, গীত শ্ৰীমন্ত শঙ্কৰদেৱ সৃষ্টি কৰিছিল। কথাটো সমুলি সচা নহয়।

 ৮। ছাত্ৰ-ছাত্ৰী ভূল তথ্যত আগ্ৰহি হলে শেষত এই ভুলে ছাত্ৰ- ছাত্ৰীক কলাবিধৰ ওপৰত অনিহা আহিব পাৰে।

অনিহা

 বিচাৰ কৰি চালে দেখা যায় এই লোককলা ওজাপালী কিছুমান কৰ্মহিন মানুহৰ সংস্কৃতি হৈ জীয়াই আছে। আন কলাবোৰৰ তুলনাত ই এইবিধ কলাৰ শিল্পী সকল দিনে দিনে অনাদৃত হৈ আহিছে।

 ১। অৰ্থ নিম্ন

 ২। লাহে লাহে সমাজৰ গুৰুত্বহীন হ’ব খোজা এটা কৃষ্টি।

 ৩। পূজা সবাহত নিমন্ত্ৰিত ওজাপালী দলক প্ৰচাৰ মাধ্যমত ভাগ দিব নোখোজাটো এটা শিল্পী সকলক অপমান কৰা হোৱা নাইনে?

 ৪। ওজাপালীৰ নিৰূপিত কাৰ্য্যসূচী ২০ বা ২৫ মিনিট দেখুৱাই তাৰ ঠাইত কিছুমান অন্যান্য সন্নিবিষ্ট কৰা দেখা যায়।

 ৫। পাঠক-পাঠিকাৰ নাম-ঠিকনা, সময় কাৰ্য্যসূচীত সুন্দৰভাবে প্ৰকাশ কৰাৰ উপৰি তেওঁলোকৰ নাম বিভিন্ন ধৰণে ঘোষণা কৰা হয়। কিন্তু ওজাপালী দলৰ নাম ঘোষণা দুৰৰ কথা বহু পূজা সবাহৰ সমিতি

কাৰ্য্যসূচীতও ওজাপালী নাম প্ৰকাশ নকৰে৷ কিছুমানত কেৱল ওজাপালী

৫৭