পৃষ্ঠা:লোককলা ওজাপালী আৰু সমাজ.pdf/৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
লোককলা ওজাপালি আৰু সমাজ

পূৰ্বানুমান

 বৰ্ত্তমান এই কলাবিধৰ যি সমস্যা দেখা দিছে এই কলাবিধ দীৰ্ঘস্থায়ী হ’ব বুলি ঠাৱৰ কৰিব নোৱাৰি। নতুন সমাজ খনৰ এই কলাবিধৰ প্ৰতি বিশেষ আকৰ্ষণ থকা বুলি অনুমান নহয়। অৱশ্যে ইয়াৰ কাৰণ সমূহ ফহিয়াই চালে দেখা যায় নতুন চামৰ আকৰ্ষণ নথকাটো স্বাভাৱিক।

 কাৰণ সমূহ—

 ১। নতুনত্বহীন

 ২। নিম্নমানৰ মজুৰি

 ৩। চৰকাৰৰ অনিহা

 ৪। প্ৰচাৰ বা প্ৰসাৰৰ পথ সংকীৰ্ণ

 ৫। অনুষ্ঠানিক শিক্ষা

 ৬। নিম্নশ্ৰেণীৰ মাজত আৱদ্ধ

 ৭। শিক্ষাৰ বাবে পাঠ্যপুথিৰ অভাৱ

 ৮। অত্যাধিক পৰিশ্ৰমৰ কলা

 ৯। কিছু ক্ষেত্ৰত বাধ্য বাধকতা

 ১০। বৈষ্ণৱ পন্থী গ্ৰহণ নকৰা এবিধ কলা

 ১১। ওজাপালী কলাত মূৰ্ত্তি পূজাৰ ব্যৱস্থা থকা বাবে বৈষ্ণৱ পন্থী সকলে এই কলাবিধ গ্ৰহণ নকৰে।

 ১২। শিল্পী সকলৰ শেষ সময়খিনি অতি দুখৰ দেখা যায়।

 ১৩। দেশৰ সাংস্কৃতিক বিভাগেও এই ক্ষেত্ৰত নিস্ত্ৰীয় ভূমিকাৰ

৫৪