পৃষ্ঠা:লোককলা ওজাপালী আৰু সমাজ.pdf/৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
লোককলা ওজাপালি আৰু সমাজ

কোনো ক্ষেত্ৰত ব্ৰজবলী ভাষাৰ শব্দও দুই এটা প্ৰকাশ হয়। কিন্তু বৰ আচৰিত এই কলাবিধ যাক সকলো কলাৰ পিতৃ বুলি কোৱাৰ থল আছে, এই কলাবিধৰ ওপৰত কোনো পণ্ডিতে মনোনিৱেশ নকৰাটো অতি পৰিতাপৰ কথা। ভুলে ভুলে যুগ যুগ ধৰি সমাজৰ মাজত ভুলৰ অৱতাৰণা হৈয়েই আছে। বিজ্ঞ ব্যক্তি সকলে ইয়াৰ বাবে কোনো ধৰণৰ সমালোচনা । বা শুধৰণিৰ ৱ্যৱস্থা কৰা দেখা নাযায়। ফলত এই কৃষ্টিৰ পৰিৱেশিত পদ ! বা বন্দনা সমূহ দিনে দিনে নিম্নমানৰ আৰু সংকোচন ব্যাধিৰ গৰাহত পৰা যেন অনুমান হয়।

সংস্কৃতি আৰু সমাজ

 অসমৰ বিভিন্ন সংস্কৃতি বা লোক কলাৰ সমাজ বান্ধোনৰ কেন্দ্ৰ হিচাবে চিহ্নিত হৈ আহিছে। তাৰ ভিতৰত বিহু, ভাওনা, লোকগীত আদিক জাতীয় কৃষ্টি হিচাবে সন্মান দিয়া হৈছে। এইবোৰৰ আধুনিকিকৰণ বা এইবোৰ কৃষ্টিৰ উন্নতিৰ বাবে যথেষ্ট প্ৰচাৰ, প্ৰসাৰ প্ৰণালীবদ্ধ শিক্ষা দিয়াৰ পটন্তৰ নতুন নহয়। এই বিষয়বোৰত নানা ধৰণৰ বটা দিয়া প্ৰথা আমি দেখা পাও। এইবোৰ কৃষ্টিৰ মাজত প্ৰতিযোগিতা আদিৰে তাৰ বহুল প্ৰচাৰৰ ব্যৱস্থা কৰা দেখা যায়। কিন্তু শাস্ত্ৰীয় মাধ্যমৰ লোককলা। যাৰ মাজত সোমাই আছে সমাজ গঠন, জাতি গঠন, চৰিত্ৰ গঠনৰ মূল মন্ত্ৰবোৰ। এনেহেন সংস্কৃতি বা লোককলা অৱহেলিত হোৱা মানে যেন আকৌ

আমি অৱনমিত হ’ব ধৰিছো আদিম যুগলৈ।

৫৩