উপমাৰ জৰিয়তে তত্বগধুৰ বিষয়বস্তুই সামাজিকৰ হৃদয়ত গভীৰ সাচ
অঙ্কন কৰে। ঈশ্বৰিক শক্তি সম্পন্ন বুলি এই বাবে ওজাপালীক দাবী
কৰিব পাৰি যে আন কোনো কলাত এনেকুৱা ৰূপ দেখা নাযায়৷ ঘণ্টাৰ
পিছত ঘণ্টা, চৈধ্য-পোন্ধৰ ঘণ্টালৈ কেৱল স্মৰণ শক্তিৰ ওপৰতে
নিৰ্ভৰশীল হৈ ওজাপালী নৃত্যগীত পৰিৱেশন কৰা চিৰাচৰিত প্ৰথা।
ওজাপালী একমাত্ৰ কলা যি কলা কেৱল মাত্ৰ মুখস্থ বিদ্যাৰ ওপৰত
প্ৰতিষ্ঠিত। ভাবিলে আচৰিত হ'ব লগা বিষয়। আঠ দহ খণ্ড পদ যদি
পৰিৱেশন কৰিব লগা হয় কোনেও ওজাপালী ষাঠি-সত্তৰ ঘণ্টা মুখস্থ
বিদ্যাৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয়। সেয়েহে ওজাপালী লোককলাৰ
দেৱ-দেৱীৰ শক্তিপ্ৰাপ্ত বুলি কলে ইয়াক উলাই কৰাৰ থল নাই। উল্লেখ
কৰিব পাৰি সাধাৰণতে ওজাপালী সকলে প্ৰয়োজনীয় পদ সমূহ পৰিৱেশন
কৰে এনেধৰণে—
১। সৃষ্টি পাতন (আদি পুৰাণ
২। কুমাৰ হৰণ (পদ্ম পুৰাণ)
৩। দক্ষ যজ্ঞ (ভাগৱত)
৪। পৰিক্ষীত বধ (ভাগৱত)
৫। পক্ষীৰ আখ্যান (মাৰ্কণ্ডেয় পুৰাণ)
৬। চান্দৰ জন্ম (পদ্মপুৰাণ)
৭। নেটাৰ বিয়া (পদ্মপুৰাণ)
৮। কইনা ছোৱা (পদ্ম পুৰাণ)
৯। বাহী বিয়া (পদ্ম পুৰাণ)