পৃষ্ঠা:লোককলা ওজাপালী আৰু সমাজ.pdf/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
লোককলা ওজাপালি আৰু সমাজ

লগ লাগি শংখ বৰকাহ, ভোৰতাল লৈ দেৱীক জলাশয়ত বিসৰ্জন দিয়া হয়। তাৰ পিছত যেন সকলোৰে মন অজানিত কাৰণত ভাৰাক্ৰান্ত হৈ উঠে। দেৱী মাতৃক বিদায়ৰ ব্যাথা মনত লৈ সকলোৱে ঘৰলৈ উভতি আহে। য়েন কোনোবা আপোন জনকহে বিসৰ্জন দি অহা হ’ল। এক নিৰৱতাই কিছু সময় যেন বিজাৰ কৰে।

 ব্ৰাহ্মণ, পুৰোহিত ওজাপালী সকলক বিদায় দিয়া হ’ল। ওজাপালী দলটোৰ ছয় বা সাত জন মানুহক পাঁচ হেজাৰ বা ছয় হেজাৰ টকা দিয়া হ’ল। এতিয়া তিনিদিন পাৰিশ্ৰমিক লৈ এই শিল্পী সকলে পৰিয়ালৰ ভৰণ পোষণ, ল’ৰা-ছোৱালীক শিক্ষা কি ধৰণেৰে বহন কৰিব। সেই কথা ভাবিবলৈ ব্যস্ত বহুল সমাজখনৰ আহৰি নাই। যাৰ বাবে শিল্পী সকল সাধাৰণ দিন হাজিৰা কৰা মানুহৰ শাৰীলৈ পৰ্য্যবসিত হ’ব লগা পৰিৱেশ পাইছেগৈ। বৈদীক মাধ্যমৰ আন কোনো লোক কলা বিচাৰি পাবলৈ নাই। সম্পূৰ্ণ বৈদিক বেষ্টনিৰ মাজত চিৰকাল প্ৰৱাহিত ওজাপালী লোককলা সংস্কৃতি। ইয়াক কোনেও উলাই কৰিব নোৱাৰে। এই লোককলা বিধৰ নিজস্বতা আছে। প্ৰকৃতাৰ্থত ওজাপালী যদিওৱা লোক কলা ই আন লোক কলাৰ অনুকৰণীয় নহয়। নিজস্ব শৈলীৰ ওপৰত ওজাপালীৰ জন্ম। যদিওবা লোক কলা নামেৰে ওজাপালীক অভিহিত কৰা হৈছে, ই কোনো জাতি বা অঞ্চল বিশেষৰ কলা নহয়। বৈশিষ্ট ক্ষুদ্ৰ নহয়। অনাবিল আনন্দ, পৰিধি বিহীন জ্ঞান, সমাজ সংস্কাৰৰ গভীৰ তত্ত্ববোধ নিহিত হৈ আছে ওজাপালী মাধ্যমত। মনস্তাত্বিক জ্ঞান প্ৰভূত ভাবধাৰাৰ নতুন

সংযোজনো ওজাপালীৰ মাজত প্ৰায় দেখা যায়। ডাইনাপালীৰ সহজবোধ্য

৪৪