পৃষ্ঠা:লোককলা ওজাপালী আৰু সমাজ.pdf/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

লোককলা ওজাপালি আৰু সমাজ

সামিষ পূজা

 সামিষ পূজা তন্ত্ৰ শাস্ত্ৰৰ এক বিশেষ গুৰুত্বপূৰ্ণ অংগ। বৈদিক যুগৰ পৰা কিছুমান দেৱ-দেৱীক বলি বিধানেৰে পূজা কৰা হয়। এই সকলক দেৱীক শক্তি বুলি কোৱা হয়। সাধাৰণতে কালী, দুর্গা, মনসা, ভদ্রাকালীক বলি পূজা দিয়া হয়। প্রবাদ আছে বা তন্ত্ৰ শাস্ত্ৰৰ মাজত বলী বিধান সম্পৰ্কে উল্লেখ কৰা হৈছে। পূৰ্বকালত নৰ বলি প্ৰথাৰ কিছু প্রমাণো তন্ত্ৰ শাস্ত্ৰত পোৱা যায়। সাধাৰণতে বৰ্ত্তমানত মহ, ছাগলী, হাঁহ, পাৰ, মাগুৰ মাছ ইত্যাদি বলি সমাজত ব্যৱহাৰ হৈ আছে। কামাখ্যা, উগ্ৰতৰা, বিশ্বেশ্বৰ, পৰিহৰেশ্বৰ, ঘাটচৰ টিহু হালধীবাড়ী শিলা বা তেনে ধৰণৰ পীঠ সমূহত আজিয়ো বলি প্রথা প্রচলিত। শাক্ত ধৰ্মৰ মানুহ বা সমাজে বলি পূজা সদায় সমর্থন কৰে। বিশ্বেশ্বৰ পৰিহৰেশ্বৰ মন্দিৰত খাহী ছাগলীৰ মাংসৰে শিৱ গোঁসাইক ভোগ দিয়াৰ বিধান এই দেৱালয়ত বর্ত্তমানো প্রচলিত। পূৰ্বতে মহাভাৰতত উল্লেখ থকা যুধিষ্ঠিৰে অশ্বমেধ যজ্ঞৰ ঘোৰা, দেশ ঘুৰি অহাৰ পিছত ঘোৰাটো বধ কৰি তাৰ মাংসৰে যজ্ঞত আহুতি দিছিল ৷ সেই নীতি আজিৰ সমাজতো দেখা যায় ৷ সমূহীয়া পূজাই হওঁক বা এঘৰীয়া পূজাই হওঁক বলি দিয়া পঠা ছাগলী মাংসৰে হোমত আহুতি দিয়া নিয়ম আমাৰ কালী পূজা বা শক্তি দেৱীৰ পূজাত এতিয়াও প্ৰচলিত হৈ আছে। হিন্দু ধৰ্মৰ প্ৰতিখনত জীৱ হিংসা মহাপাপ বুলি মত পোষণ কৰিছে। কথাটো সম্পূর্ণ একশ শতাংশই সত্য। জীৱ হত্যা মুঠেও গ্রহণযোগ্য হ’ব নোৱাৰে। কিন্তু বৈদিক পদ্ধতিত যিসকল

দেৱীক বলিৰে পূজা কৰাৰ নিয়ম শাস্ত্ৰ সমূহে দাঙি ধৰিছে সেই শাস্ত্ৰ বা

৩৩