পৃষ্ঠা:লোককলা ওজাপালী আৰু সমাজ.pdf/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

লোককলা ওজাপালি আৰু সমাজ

সেই বৈদীক নীতিক উলঙ্ঘা কৰাৰ সামৰ্থও সমাজে ইচ্ছাকৃত বন্ধ কৰিব নোৱাৰে। প্ৰতিজন জ্ঞানী ব্যক্তি এই ক্ষেত্ৰত এক মত, জীৱ হিংসা মহাপাপ। এই ক্ষেত্ৰত আমি অকল বলিত ব্যৱহৃত জীৱৰ কথা চিন্তা কৰিলে নহ'ব। কাৰণ বৰ্ত্তমানৰ সমাজত হাটে বজাৰে বা চহৰবোৰৰ অলিয়ে-গলিয়ে মাংসৰ দোকান সমূহত কেইবা হেজাৰ জীৱ সদায় বধ কৰি থকা হৈছে। এই সকল জীৱৰ মৃত্যু ৰোধ কৰাৰ ব্যৱস্থা সমাজৰ হাতত আছেনে? পাৰিবনে আজিৰ সমাজে এই জীৱ হিংসাৰ পথৰ পৰা সমাজখনক আঁতৰাই আনিবালৈ? প্ৰাণীৰ প্ৰতি প্রেম কাৰ নাই। তাৰ কাৰণে কিছু ব্যক্তি প্রাণী প্ৰেমী সংগঠন কৰাৰ প্ৰয়োজনী কি? বলি বিধানৰ বিৰোধিতা কৰা প্ৰাণী প্রেমী ব্যক্তি সকলে দৈনন্দিন হৈ থকা জীৱ কুলৰ মৃত্যু ৰোধ কৰিবলৈ আগবাঢ়ি আহি মাত মাতিব পাৰিবনে? পাৰিবনে জীৱক লৈ ব্যৱসায় কৰা বজাৰখন বন্ধ কৰিবলৈ৷ বৰ্ত্তমান সময়ত জীৱজগত এচাম মানুহৰ জীৱন ধাৰণৰ আহিলা হৈ পৰিছে। বিস্ফোৰিত জন গাঠনি, সমাজত কর্মহীনতা, কৃষিক্ষেত্ৰত চৰকাৰৰ বদান্যতা। সকলোবোৰে সমাজখনক বিভিন্ন পথ অৱলম্বন কৰিবলৈ বাধ্য কৰিছে। এনে পৰিপ্ৰেক্ষিতত লাখ লাখ নিৱনুৱাই সংস্থান নেপাই জীৱ জগতক লৈ বৃত্তিমুখী হৈ পৰিছে। কোনোৱে ছাগলীৰ পাম, কোনোৱে হাঁহ-কুকুৰা, কোনোবাই মীন পালন কৰি জীৱন ধাৰণৰ ব্যৱস্থা কৰিছে। এই কাৰ্য্যত প্রত্যেক দিনে কেইবা হেজাৰ জীৱ বধ হোৱাতো স্বাভাৱিক। এই জীৱ হত্যা বন্ধ কৰাৰ বাবে কোনো বৈজ্ঞানিক ভিত্তিক কাৰণ বা তথ্য বিচাৰি পোৱা নেযায়। এই

জীৱ হত্যা বন্ধ কৰাৰ কল্পনাই সমাজখনক বিভিন্ন দিশত দিশহাৰা কৰি

৩৪