পৃষ্ঠা:লোককলা ওজাপালী আৰু সমাজ.pdf/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

লোককলা ওজাপালি আৰু সমাজ

যাজকৰ কৰ্ত্তব্য

১। যাজক সকল প্রথমে নিজে কষ্ট সহিষ্ণু, মিষ্ঠভাষী, ঋপুদমক, হাস্যবাদন, ন্যায় বাহক হোৱা উচিত।

২। কোনো কাৰণতে আনৰ ধৰ্মৰ ওপৰত হস্তক্ষেপ কৰিব নালাগে। ধর্ম। মানুহৰ স্বকীয় অনুভূতি। ধৰ্মৰ পৰিৱৰ্ত্তনে ভৱিষ্যত জীৱন ধাৰণৰ গতিধাৰাত বাধাৰ সৃষ্টি কৰিব পাৰে। নৈমিত্তিক কৰ্মৰাজিত গতিপথ সলনি কৰিবলৈ গৈ হয়তো উন্নতিত বাধাৰ প্ৰাচীৰো সৃষ্টি কৰিব পাৰে। সেই ক্ষেত্ৰত যাজক সকলে সদায় সাৱধান হ’ব লাগে। যেন কোনো ব্যক্তিক ধৰ্ম গতি পৰিৱৰ্ত্তন কৰিবলৈ গৈ সমাজ বা ব্যক্তিৰ দ্বাৰা অৱহেলিত হ’ব নালাগে। ধর্মক নিজস্ব ভাবে গঢ় দিয়াৰ যত্ন নোলোৱা ভাল৷ ধৰ্ম জ্ঞানৰ ভড়াল। প্রত্যেকজন মানুহ জ্ঞানৰ পোহৰেৰে কম-বেছি পৰিমানে আলোকিত হয়। কোনোদিনে ইয়াত বাধাৰ সৃষ্টি কৰিব নালাগে। ধৰ্মৰ প্রতি মানুহৰ মন অনুপ্রাণিত হলে এখন সুস্থ সমাজ গঢ় দিয়াত যথেষ্ট সহজসাধ্য হৈ উঠে। সেইবাবে যাজক সকল সচেতন হোৱা নিত্যান্ত প্রয়োজন। যাজকৰ অহমিকাই ধৰ্মত অনাকাঙ্খিত পৰিৱেশৰ সৃষ্টি কৰিব পাৰে। ধৰ্মৰ প্ৰতি যাতে মানুহৰ মনত বিৰূপ মনোভাৱ পোষণ নহয় সেই যাজক চিৰপূজ্য, সেই ধৰ্ম চিৰ গ্ৰহণযোগ্য হয়। মুল তত্ত্বৰ পৰা ধৰ্মক লঘু বিশ্লেষণেৰে হেয় প্রতিপন্ন কৰিব নেলাগে। ধৰ্মৰ, নীতিৰ আভ্যন্তৰিণ তত্ত্বসমূহ সহজ-সৰল ভাষাত সৰ্বজনৰ বোধগম্য হোৱাকৈ বিশদ ভাবে

প্ৰকাশ কৰিব পৰাতো যাজক সকলৰ এক বিৰল কৃতিত্ব।

৩২