পৃষ্ঠা:লোককলা ওজাপালী আৰু সমাজ.pdf/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
লোককলা ওজাপালি আৰু সমাজ

অন্তত শান্তি গ্ৰহণ কৰি প্ৰসাদ বিতৰণৰ পিছত সিদিনাৰ বাবে প্ৰথম দিনৰ কাৰ্য্যসূচী সমাপ্ত কৰা হয়। এতিয়া আমি পূজাৰ মাধ্যমত সমাজৰ ওপৰত কি প্ৰভাৱ পৰিল তাৰ এটা সাধাৰণ উদাহৰণ দাঙি ধৰিব পাৰো। ধৰিললো নিশা এঘাৰ বাজিল। এই এঘাৰ বজালৈ গৃহস্থ, আলহী-দুলহী, ওজাদল আৰু চুবুৰীয়া সকলোবোৰ উপবাসেৰে ৰাতিপুৱাৰে পৰা নিশা এঘাৰ বজালৈ পৱিত্ৰ অন্তৰেৰে সভক্তিৰ অন্তৰ এখনেৰে ধৰ্মৰ নামত ভোক ভাগৰৰ অনুভৱ নোহোৱালৈকে সময় অতিবাহিত কৰিছে।

ভড়

 পিচদিনাখন ৰাতিপুৱাৰে পৰা ঘৰ-চোতাল পৱিত্ৰ ভাবে সৰা- মুচা, ৰাস্তালৈ গোৱৰপানী, তুলসীৰ পৱিত্ৰ পানী চতিওৱা ইত্যাদি।

 আন এচামে ফুল, তুলসী, ডুবা, বেলপাত প্ৰচুৰ পৰিমানে সংগ্ৰহ কৰি মণ্ডপৰ ওচৰত আনি থোৱা। পুৰোহিতে প্ৰয়োজনীয় দোনা পঢ়ুৱা বা পূজাৰ সময়ত প্ৰয়োজনীয় দ্ৰব্য সমূহ যথা সময়ত যাতে বিচাৰি ফুৰিব নালাগে তাৰ বাবে সকলোবোৰ হাতেৰে ঢুকি পোৱাকৈ যতনাই থোৱা ইত্যাদি কামবোৰ শেষ কৰি জল আহৰণৰ বাবে মূল ঘট আৰু মহাস্নানৰ বাবে অষ্ট ঘট আনি তাক বিধি সন্মত নীতিৰে সোধন কৰি গৃহস্থ, চুবুৰীৰ, সমাজ, বিশেষকৈ তিৰোতা সকল জল আহৰণৰ বাবে প্ৰস্তুত হৈ আহে৷ ঠাই বিশেষে ব্ৰাহ্মণে জল আহৰণৰ বাবে নদী, জান জুৰিৰ পুখুৰীলৈ

সমাজৰ লগত যোৱা দেখা যায়।

১৮