পৃষ্ঠা:লোককলা ওজাপালী আৰু সমাজ.pdf/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
লোককলা ওজাপালি আৰু সমজি

জল আহৰণ
(ক)

 দিনৰ দহ-এঘাৰ বজাৰ ভিতৰত ঢোল, খোল, তাল, বৰকাহ আদি বজায় আয়তী সকলে উৰুলি দিয়ে আৰু ওজাপালীয়ে দেৱী বন্দনা গায় জল আহৰণ কৰিবলৈ যায় যদিওৱা জল আহৰণৰ বৈদিক নীতি নাই। চিৰাচৰিত ৰীতিৰে জল আহৰণ কৰা হয়৷ এইয়া এক পৱিত্ৰ সমাজ আপ্লুত কৰা পৰম্পৰা। পানী ঘাটত ব্ৰাহ্মণ সকলে সাধাৰণ মণ্ডপ নিৰ্মাণ কৰি তাত ঘট প্ৰতিষ্ঠা কৰি জল দেৱতাৰ পূজা অৰ্পণ কৰাৰ পিছত ঘট পূৰ্ণ কৰি পানী লৈ পুনৰ আনন্দেৰে ঘৰলৈ উলটি আহি ব্ৰাহ্মণৰ নিৰ্দেশত সাতবাৰ মণ্ডপ প্ৰদক্ষিণ কৰি মূল ঘটটো ব্ৰাহ্মণে মণ্ডপত বহুৱাই (প্ৰতিষ্ঠা কৰে) আৰু বাকী ঘটবোৰ মণ্ডপৰ ভিতৰত সজাই একেলগে ঢাকনি দি থয়। তাৰ পিছত সকলোৱে মুখ-হাত, ভৰি ধুই কিছু সময়ৰ বাবে জিৰণি লৈ দ্বিতীয় দিনৰ মুখ্য পূজাৰ বাবে প্ৰস্তুত হয়।

(খ)

 কিছুমান ঠাইত এই জল আহৰণ ব্যৱস্থা নাই। তেনেকুৱা স্থান সমূহত একে সময়ৰ পৰা পূজাৰ যা-যোগাৰ কৰি ব্ৰাহ্মণ-পুৰোহিতে পূজা আৰম্ভ কৰে। ইয়াতো পূৰ্বে উল্লেখ কৰাৰ দৰে ব্ৰাহ্মণ পূজাত বহাৰ সময়ত নানা বাদ্য, উকলি-জোকাৰে পূজা আৰম্ভ কৰা হয়। এনে সময়ত আন এক লোক কলা সংস্কৃতি ঢুলীয়া সংযোগ হয়। ঢুলীয়াৰ ঢোলৰ চেওত

উৎসৱমুখৰ পৰিৱেশক আৰু বেছি গহীন আৰু ভক্তিযুক্ত কৰি তোলে।

১৯