পৃষ্ঠা:লোককলা ওজাপালী আৰু সমাজ.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

লোককলা ওজাপালি আৰু সামাজ


শিক্ষাৰ পোহৰ নেপালে। ওজাপালী বা ভাওৰীয়া শিক্ষা গ্ৰহণ কৰিবলৈ কেইজনমান উদ্যোগী ডেকাই যেতিয়া মনস্থ কৰে তেওঁলোকে চিন্তা কৰি পুৰণি চামৰ এজনক গুৰু মানি এই শিক্ষা গ্ৰহণ কৰে। চাৰিৰ পৰা ছয় মাহ মানৰ ভিতৰত দলটো অহোপুৰুষাৰ্থ কৰি শিক্ষকজনে তেওঁলোকক শিক্ষা দান কৰি সৰু সাধাৰণ উৎসৱ বা পূজা পাৰ্বনত নৃত্য- গীত পৰিৱেশন কৰিব পৰাকৈ গঢ় দিয়ে। পৈনত সুনাম অর্জন কৰিব পৰা দল এটা সাধাৰণতে পাঁচ বা তাতোধিক বছৰ পৰ্যন্ত শিক্ষা গ্ৰহণ কৰিব লাগে ৷ পৰিসীমাহীন এটা শিক্ষা। বিভিন্ন শাস্ত্র বা বিভিন্ন ধর্মমূলক পুথি ওঝা ডাইনাপালীজনে অধ্যয়ন কৰিব লাগে। শাস্ত্ৰৰ উপমা সমূহ যিমান শ্ৰুতিমধুৰ কৰি উপস্থাপন কৰিব পাৰে সিমানে ওজা দলটি সুনাম অর্জন কৰিব পাৰে ৷ সমাজত দলটিক প্রতিষ্ঠা লাভ কৰিবলৈ সক্ষম হয়।

আসোৱাহ:

 ওজাপালী দলৰ শিল্পী সকলে আগতে প্রায় নিৰক্ষৰেই আছিল, দুই এজন শিল্পী আখৰ চিনি পোৱা ধৰণৰ... এই কলাটো গ্ৰহণ কৰিছিল। কিন্তু অতি আচৰিত নিৰক্ষৰ বা সাধাৰণ শিক্ষাৰ মানুহ এজনে ইমানবোৰ পদ কেনেকৈ মুখস্থ কৰি সৰসৰীয়াকৈ ঘণ্টাৰ পিছত ঘণ্টা পৰিৱেশন কৰিব পাৰে ৷ এইয়া এক প্রশ্নবোধক। সাধাৰণতে দেখা যায় থিয়েটাৰ বা যাত্রা দল সমূহে নাটকখন বহুদিন আখৰা কৰি পিছত নাট মঞ্চস্থ কৰাৰ সময়ত স্মাৰকে বচনবোৰ সোঁৱৰাই দি থাকিব লাগে। নাম দল সমূহে

প্রয়োজনবোধে নামৰ বহি মজুত ৰাখে। কিন্তু ওজাপালীত ইয়াৰ এটাও

১১