পৃষ্ঠা:লোককলা ওজাপালী আৰু সমাজ.pdf/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

লোককলা ওজাপালি আৰু সমাজ

নাই। বিভন্ন শাস্ত্ৰ মুখস্থ কৰি সমাজৰ মাজত বিভিন্ন বস সন্নিবিষ্ট কৰি উপস্থাপন কৰে। আনহাতে এই কলাবিধৰ ওপৰত কোনো ধৰণৰ গৱেষণামূলক আঁচনি নলোৱা বাবে যুগে যুগে পদ পুথিবোৰ ভুলৰ মাজতে চলি আছে। আগেয়ে উল্লেখ কৰা হৈছে পদ পুথিবোৰ ইজনৰ পৰা সিজনলৈ মৌখিকভাবে চলি থকাত ইয়াৰ কোনো ক্ষেত্ৰত পদৰ অৰ্থবোৰ বিকৃত হৈ যায়। বহুক্ষেত্ৰত ছন্দৰ বিজুতি ঘটে। অৰ্ধশিক্ষিত বা অশিক্ষিত শিল্পী সকলে এই পদপৃথিবোৰ চিৰাচৰিত ভাৱে গ্ৰহণ কৰি আহিছে। আনুষ্ঠানিক শিক্ষাৰ অভাৱত এইবিধ কলাৰ শিল্পী সকল চিৰদিনে বঞ্চিত। এচানে এই ক্ষেত্ৰত দুখ নকৰা নহয়। কাৰণ চৰকাৰে এই ক্ষেত্ৰত কোনো ধৰণৰ মনোনিৱেশ কৰা নাই। প্ৰাগ ঐতিহাসিক যুগৰ এই সংস্কৃতি আজিও সাধাৰণ মানুহৰ সমাজখনত বিজ্ঞ ব্যক্তিসকলে এই কলাবিধৰ মূল্যাংঙ্কন কৰা দেখা যায়। এইচাম শিল্পী নৃত্যগীত পৰিবেশন কৰাৰ বিনিময়ত পোৱা সাধাৰণ পাৰিশ্ৰমিকেবে ল’ৰা-ছোৱালীৰ পঢ়া-শুনা, পৰিয়ালৰ ভৰণ- পোষণ সকলো কৰিব লাগে। কেতিয়াবা এই শিল্পী সকলে সাধাৰণ শ্ৰমিকৰ দৰে মানুহৰ ঘৰে ঘৰে কাম কৰিবলৈ যাব লাগে। এইয়া এখন দেশৰ সংস্কৃতি ৰক্ষক সকলৰ বাবে এক পৰিতাপ আৰু লজ্জাজনক কথা। দেশীয় চৰকাৰ, সংস্কৃতি প্ৰেমী সকলে যদি সোনকালে ইয়াৰ ওপৰত মনোনিৱেশ নকৰে এদিন এই কলাবিধ আন বহু লুপ্ত হৈ যোৱা কলাৰ দৰে লুপ্ত হৈ যাব। ঐতিহাসিক যুগৰ এই প্ৰাচীনতম কলাই এদিন অসমীয়া জন জীৱনৰ পৰা ইতিহাস হৈ যাব। বৰ্ত্তমানত চৰকাৰে বনৰ জীৱ-জন্তু, গছ-লতিকা,

মাছ-কাছ, সংৰক্ষণ কৰা সময়ত সংস্কৃতি সংৰক্ষণ কৰিব নিবিচৰাটো

১২