পৃষ্ঠা:লোককলা ওজাপালী আৰু সমাজ.pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
লোককলা ওজাপালি আৰু সমাজ

এদিনৰ পৰা এঘাৰ দিনলৈ বৰ্ত্তমান সময়তো মনসা পূজা কৰা হয়। দেৱ- দেৱীৰ পূজাৰ যিসকল পূজাৰী, এই পূজাৰী সকলো একোজন শিল্পী, কলাসাধক৷ পূজাৰ বেদীত প্ৰতিস্থাৰ বাবে যিখন মণ্ডপ কৰা হয় তাক বিভিন্ন দ্ৰব্যৰ গুৰিৰে যেনে—

১। চাউলৰ গুৰি
২। ফাকু গুৰি
৩। বেলপাতৰ গুৰি
৪। পতানৰ গুৰি
৫। হালধীৰ গুৰি

 এই দ্ৰব্য সমূহেৰে বৈদিক পদ্ধতি মতে মণ্ডল অঙ্কন কৰা যি প্ৰণালী ই এক বিশেষ কলা বুলি অভিহিত কৰিব পাৰি।

 মণ্ডল সমূহঃ

১। সৰ্বত্ৰোভদ্ৰ মণ্ডল ২। নৱ নভ মণ্ডল
৩। পঞ্চব্জ মণ্ডল ৪। স্বল্প সৰ্বতো ভদ্ৰমণ্ডল

পূজাই সমাজৰ কি উৎকৰ্ষ সাধন কৰেঃ

 বিশেষকৈ পূজা-পাৰ্বণে সমাজত পৱিত্ৰতা সংগ্ৰহ, ভাতৃত্ববোধ, জ্ঞানবোধ আৰু ধৰ্মৰ প্ৰতি বা ভগৱান ভগৱতীৰ প্ৰতি মন অনুধাৱন কৰে। পূজাৰ কেইবাদিন আগৰ পৰা ঘৰ বা সমাজে ঘৰৰ আচবাব, বিচনা পত্ৰ এনেকি বন্ধা ঘৰৰ বাচন-বৰ্ত্তন ধুই পখালি পৱিত্ৰভাবে ৰাখে। মাদক দ্ৰব্য

আদি বৰ্জন কৰি এটা সুশৃংঙ্খল পৰিৱেশ গঢ়ি তোলা হয়। ব্যক্তি বিশেষৰ