পৃষ্ঠা:লোককলা ওজাপালী আৰু সমাজ.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
লোককলা ওজাপালি আৰু সমাজ

উপাধি বঙালী মানুহৰ বুলি কিছুমানে নাৰায়ণ দেৱক বঙালী পণ্ডিত বুলি মত পোষণ কৰে। অসমত থকা ব্ৰাহ্মণ সকলে নামৰ শেষৰ ফালে দেৱশৰ্মা, দেৱ ভাগৱতী, দেৱ মিশ্ৰ আদিৰ জৰিয়তে নাৰায়ণ দেৱক অসমীয়া পণ্ডিত বুলি কোৱা থল আছে। ফহিয়াই চাবলৈ হ’লে পদ্মপুৰাণৰ পদ বা কাহিনী লিখকৰ এক যাদুকৰী শক্তি নিহিত হৈ থকা বুলি অনুভৱ হয়। ইয়াৰ অধ্যয়ন কৰাৰ পিছত বা ওজাপালী সকলে পৰিৱেশন কৰাৰ পাছত অনুমান কৰিব পাৰি যে পদ্মপুৰাণ খনেই একমাত্ৰ পুৰাণ য’ত নৱ ৰসৰ সঞ্চাৰ হৈছে।পদ্মপুৰাণত নিবন্ধিত নৱৰস

১। আদিৰস  ২। বীৰ ৰস
৩। হাস্যৰস  ৪। বিভত্ৰস
৫। কৰুণ ৰস  ৬। ভয়ানক ৰস
৭। শান্ত ৰস  ৮। অদ্ভুত ৰস
৯। ৰুদ্ৰ ৰস

 জন বিশ্বাসত দেৱী মনসা মনৰ কামনা বাসনা পুৰ্ণ কৰা দেৱী

ক) ব্ৰাহ্মণ  খ) ওজাপালী অপৰিহাৰ্য্য

মনসাৰ পূজাৰ মূলত

পূজাৰ ভাগ আৰু অঙ্গঃ পূজা ২ ভাগত বিভক্ত

১। নিৰামিষ বা বৈষ্ণৱী পূজা
২। সামিষ বা বলী বিধান প্ৰদান প্ৰণালী

 মনসা পূজা বৰ্ত্তমানতো অসমৰ বিভিন্ন স্থানত বহুলভাবে প্ৰচলিত।