পৃষ্ঠা:লোককলা ওজাপালী আৰু সমাজ.pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
লোককলা ওজাপালি আৰু সমাজ

কৰি সমাজ ব্যৱস্থাক আঘাত কৰিব বিচাৰিলে সেই ব্যক্তিৰ ওপৰত যি ব্যৱস্থা লোৱা হয় বা হৈছিল সেয়াই আছিল আদিম সমাজৰ নীতি। এই নীতি উলংঘা কৰা সকলক সমাজৰ বিৰুদ্ধাচৰণ কৰাৰ পৰিণাম স্বৰূপে মৃত্যুদণ্ড বিহা হৈছিল৷ ক্ৰমান্বয়ে কিছু বছৰ পাছত এই সভ্যতাই উন্নতিৰ কেইবাটা ঢাপ আগবাঢ়িল। গছৰ খোৰোং পৰিত্যাগ কৰি গছৰ ডাল- পাতেৰে ঘৰ সাজিবলৈ ধৰিলে। ঘৰবোৰ শাৰী শাৰীকৈ, পৰিপাটিকৈ গাওঁৰ সদৃশ পৰিৱেশ সৃষ্টি কৰিলে। ধনুকাড়ৰ ব্যৱহাৰ আৰম্ভ হ'ল৷ তাৰ পাছত প্ৰতিটো জুপুৰিত একোটা পৰিয়ালৰ সৃষ্টি হ’ল। কিছু চিন্তুক মানুহে গছ-ফল আদিৰ ৰসৰ মিশ্ৰণেৰে এক পানীয় সৃষ্টি কৰিলে৷ আজি বৰ্ত্তমান যাক আমি সোমৰস নামেৰে অভিহিত কৰিছো। আদিম যুগৰ পৰা এই পানীয় প্ৰচলিত। কালাক্ৰমত মানুহে একেলগে লগ লৈ সোমৰস পান কৰি বিভিন্ন ভঙ্গিত পুৰুষ সকলে নৃত্য কৰিবলৈ ধৰে। কিছুদিন পিছত পুৰুষ সকলৰ সমানে তিৰোতা কিছুমানেও নৃত্য কৰাৰ বাবে সমাজ, পতিৰ মতামত গ্ৰহণ কৰি পুৰুষৰ সমানে নৃত্য আগবঢ়ায়। এইসকল নাচনি বা পুৰুষ নাচনি নাচি নাচি যেতিয়া ভাগৰি পৰে তেতিয়া আন পুৰুষ মহিলাবোৰে বনৰ ফুল আদি আনি নাচনী সকলৰ গাত চতিয়াই দিয়ে। এনে ধৰণে কিছুদিন যোৱাৰ পিছত সমাজ পাতি দেখিলে যে যদি মানুহবোৰে এনেদৰে যদি সদায় সোমৰস পান কৰি নৃত্য কৰে তেনেহ'লে প্ৰগতিত বাধাৰ সৃষ্টি হ’ব তেতিয়া আমাৰ বনৰ ফল, খৰি, স্বীকাৰ সকলো কৰ্মতে ব্যাঘাত হ’ব পাৰে। সেয়েহে সমাজৰ আলোচনাৰ মাধ্যমেৰে

কিছুমান বিশেষ দিনত সোমৰস পান কৰি নৃত্য আদিৰ সময় নিৰ্ধাৰণ কৰি