পৃষ্ঠা:লোককলা ওজাপালী আৰু সমাজ.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
লোককলা ওজাপালি আৰু সমাজ

দিয়া হ'ল। দেখা গ'ল মানুহবোৰ ক্ৰমান্বয়ে কৰ্মৰ্থ আৰু সময় অপচয় নকৰা একোজন সৎ মানুহলৈ ৰূপান্তৰিত হৈ আছে। আগতে সাধাৰণ কথাতে হাই-কাজিয়া, মাৰপিট কৰা চৰিত্ৰ লাহে লাহে কমি আহিবলৈ ধৰিছে। স্ত্ৰী-পুৰুষ সকলে প্ৰথমে গছৰ পাত, গছৰ বাকলি, পিছত জন্তুৰ চাল দেহ আৱৰণ হিচাপে ব্যৱহাৰ কৰিবলৈ ধৰিলে। লজ্জাবোধ, শিক্ষা সমাজ পাতি সবাৰো মানুহৰ প্ৰতি গ্ৰহণৰ নিৰ্দেশ দিলে। এনেধৰণে আদিম মানৱ সমাজখন ক্ৰমান্বয়ে সকলো দিশত আগবাঢ়িবলৈ ধৰিলে। জ্ঞানপুষ্ট কিছুমান ব্যক্তিৰ চিন্তা-চৰ্চাও দিনে দিনে এখন সভ্য সমাজৰ ন্যায় সমাজখনে গঢ় লবলৈ ধৰিলে। কিছু ব্যক্তি চিন্তা-চৰ্চা কৰি বিভিন্ন প্ৰকাৰে কৃষি কাৰ্য্যৰ দ্বাৰা খাদ্য সম্ভাৰ উৎপন্ন কৰা আদিত মনোনিৱেশ কৰিলে। লাহে লাহে আদিমতাৰ কু সংস্কাৰবোৰ আঁতৰাই এখন সুস্থ-সবল সমাজে গঢ় লৈ উঠিলে। জীৱ-জন্তু বধ কৰি জুইত পুৰি খোৱাৰ পৰিৱৰ্ত্তে মাংস সিজাই খোৱাৰ ব্যৱস্থা কৰিবলৈ ধৰিলে। লাহে লাহে ইজনে সিজনৰ প্ৰতি ভাতৃত্ববোধৰ আকৰ্ষণে সমাজখনক আৰু বেছি সুসংহত কৰি এখন নতুন সমাজ গঠনৰ প্ৰক্ৰিয়া আৰম্ভ হ’ল। প্ৰথমে কিছু সাংকেতিক চিহ্নৰ সমষ্টি, মানৱ সমাজখনত ভাব বিনিময়ৰ কিছুমান সংকেতৰ জৰিয়তে তাৰ পৰা ক্ৰমবিকাশ হৈ এই সংকেতৰ কালক্ৰমত ভাষালৈ ৰূপান্তৰিত হয়। তেনে সময়ত কিছুমান পৰিব্ৰাজক বিভিন্ন পথেৰে অসমত প্ৰৱেশ কৰি সমাজখনৰ লগত বসবাস কৰি তেঁওলেৱাকৰ কলা-সংস্কৃতি সভ্যতা সমাজত বিলাই দিলে। পাণ্ডিত্বৰে পূৰ্ণ এইসকল ব্যক্তিৰ সান্নিধ্যই সমাজখন

আৰু বহু সভ্য আৰু সংস্কৃতিবান কৰি নৱ ৰূপত গঢ় দিয়ে। এনে কিছুমান