পৃষ্ঠা:লোককলা ওজাপালী আৰু সমাজ.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
লোককলা ওজাপালি আৰু সমাজ


লোককলা
ওজাপালী আৰু সমাজ...

 প্ৰাকশঙ্কৰী যুগৰ পৰা লোককলা সমূহে সমাজৰ বিভিন্ন দিশত প্ৰভাৱ বিস্তাৰ কৰি আহিছে। যেতিয়াৰ পৰা মানুহে অজ্ঞান এন্ধাৰ আঁতৰ কৰি লাহে লাহে সমাজ গঠনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল, এটা সুশৃঙ্খল জীৱন যাপনৰ পন্থা গ্ৰহণ কৰি ভাতৃত্ববোধৰ দিগবানী তৈয়াৰ কৰিছিল, তেতিয়াৰ পৰা এইখন সমাজ এজন বিশেষ ব্যক্তিৰ নেতৃত্বত সমাজৰ অন্যায়-অবিচাৰবোৰৰ আলোচনা আৰু বিচাৰ ন্যায় আৰম্ভ কৰিছিল ৷ সেয়া আছিল মানৱ জাতিৰ প্ৰথম পদক্ষেত্ৰ কাৰোবাৰ ওচৰত নমনিয় হোৱা বা কাৰোবাৰ আনুগত্য বিচাৰ কৰা। সমাজ গঠনে বান্ধোন সৃষ্টি কৰাৰ পাছত মানুহে অন্যায়ৰ প্ৰতি ভয়, সমাজ ব্যৱস্থাৰ প্ৰতি ভয় বা লজ্জা অনুভৱ হোৱাৰ পাছত সমজুৱাসকল পৱিত্ৰ হবলৈ আৰম্ভ কৰে। দুৰ্দমনীয় আসুৰিক শক্তি সমূহ সমাজ ব্যৱস্থায় সৎ পথলৈ টানি আনে। সুসংহত সমাজ ব্যৱস্থা জাতিক গৌৰৱময় পথেৰে আগবঢ়াই লৈ যায়। এইয়া মানৱময় সভ্যতাৰ আদিম বুৰঞ্জী। প্ৰস্তৰ যুগৰ অৱসান ঘটাই এটা নতুন যুগৰ সূচনাই মানৱ জাতিৰ সভ্যতাৰ প্ৰথম ঢাপ বুলি কলেও বাহুল্য নহয় ৷ এই

সভ্যতাৰ মূলতে এখন সমাজ। ইচ্ছাকৃতভাবে ন্যায় বা নীতিক উলঙ্ঘা