পৃষ্ঠা:লোককলা ওজাপালী আৰু সমাজ.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নানা ৰূপ। কোনটো ওজাপালীক ধৰ্মীয় কাহিনীৰ ওফৰত গুৰুত্ব দিয়ে, কোনটোত হাস্যৰসৰ প্ৰচাৰত গুৰুত্ব দিয়ে। সেয়া নিৰ্ধাৰিত সমাজৰ ৰেহ ৰূপ ৰুচিবোধৰ ওপৰত।

 প্ৰভাত হালৈ ডাঙৰীয়াই ওজাপালী অনুষ্ঠাটোৰ সৃষ্টি আৰু বিকাশৰ কিছু নিজস্ব ধাৰণা প্ৰদানৰ লগে লগে সমাজত ওজাপালী অনুষ্ঠানটোৰ প্ৰভাৱ সম্পর্কে গ্ৰন্থখনত বৰ্ণিত কৰিছে। লোককলা সমাজৰ উৎসাহ আৰু প্ৰেৰণাত জীয়াই থাকে ৷ ওজাপালী অনুষ্ঠানটো জীয়াই ৰখাৰ প্ৰসংগত সমাজৰ কৰণীয় কি? এই দিশবোৰ গ্ৰন্থখনত উল্লেখ কৰিছে।

 এনে এখন মহান গ্রন্থ প্ৰকাশ কৰি সমাজৰ হিত সাধন কৰাৰ বাবে প্রভাত হালৈ আমাৰ ধন্যবাদৰ পাত্ৰ । লগতে নলবাৰী জিলা সাহিত্য সভাই এগৰাকী প্ৰতিভাৰ আকাৰত ৰাইজৰ মাজত উলিয়াই অনাৰ বাবে আমি ধন্যবাদ জনালোঁ।

।। চিৰ চেনেহী মোৰ ভাষা জননী।।


 ধন্যবাদেৰে-

 ড° উপেন্দ্ৰজিৎ শৰ্মা