পৃষ্ঠা:লোককলা ওজাপালী আৰু সমাজ.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সঁচা কথা

 “লোককলা ওজাপালী আৰু সমাজ’ এখন সঁচাবেই ভঁৰাল ৷ এখুদমানো মিছা কথা নাই ৷ যুক্তিপূর্ণ, অৰ্থপূৰ্ণ, উপদেশপূৰ্ণ, ৰসপূৰ্ণ সঁচা কথাই ইয়াত সাঙোৰ খাই আছে। বাঘে নৰমাংস এবাৰ খালে তাৰ সোৱাদ পাহৰি নোযোৱাৰ দৰে শ্ৰীপ্ৰভাত হালৈ, ডাইনাপালীয়েও কিতাপ লিখা কার্যত আজি কিছুদিনৰ পৰা ব্যস্ত হৈ পৰিছে। তাৰ ফলস্বৰূপে বিশখনৰো অধিক কিতাপ পঢ়ুৱৈ সমাজৰ আগত উলিয়াই দিবলৈ সক্ষম হৈছে ।

 এদিন মোক কৈছিল দাদা এইদৰে কিতাপ লিখিয়েই থাকিম। চাকৰিৰ পৰা অৱসৰ পালেও কিতাপ লিখাৰ পৰা অৱসৰ নাপাওঁ। কিতাপ লিখি এক সঁচা অভ্যাসত বুৰ গৈছোঁ।

 সাপৰ সৰু ডাঙৰ নাই ‘বিহ’ সকলোৰে সমান থাকে। প্রভাত হালৈ, ডাইনাপালীৰ কিতাপ বিলাক সৰু হলেও সঁচা কথাৰ ভড়াল হোৱা বাবে অতি মূল্যবান হৈ পৰিছে। কিতাপকেইখনৰ বিষয়বস্তু তেনেই সঁচা কথাৰে ভৰপূৰ। অতি মূল্যবান।

 শ্ৰীযাদৱ সেন ডেকা
 সাহিত্যিক পেঞ্চনাৰ তথা
 উপ-সভাপতি, অখিল ভাৰতীয়
 সাহিত্য পৰিষদ, অসম
 বেলশৰ (নলবাৰী)
 ১৫-০৯-২০২১ ইং