পৃষ্ঠা:লোককলা ওজাপালী আৰু সমাজ.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে


লোকশিল্পী প্রভাত হালৈৰ
‘লোককলা ওজাপালী আৰু সমাজ’লৈ অভিনন্দন


 এগৰাকী লোকশিল্পী, নামেই যাৰ পৰিচয়, সেইগৰাকী হ’ল নলবাৰী অঞ্চলৰ বিশ্বেশ্বৰ নিবাসী প্ৰভাত হালৈ ৷ শৈশৱৰ পৰাই অসমৰ প্ৰাচীন লোককলা ওজাপালী অনুষ্ঠানৰ লগত জড়িত হৈ ওজাপালী দলৰ এগৰাকী প্ৰসিদ্ধ ডাইনাপালী হিচাপে পৰিচিতি লাভ কৰিছিল। আজি কিছুবছৰৰ পৰা প্ৰভাত হালৈ ডাঙৰীয়াই একান্ত ব্যক্তিগত প্রচেষ্ঠাৰে কলম হাতত তুলি ইখনৰ পিছত সিখন গ্ৰন্থ ৰচনা কৰি গৈছে। আজিৰ তাৰিখত প্ৰভাত হালৈৰ ৰচিত গ্ৰন্থৰ সংখ্যা কুৰিখনৰো অধিক। এগৰাকী লোকশিল্পীৰ এনে ধৰণৰ প্ৰতিভা নলবাৰীত নহয় অসমৰ প্ৰেক্ষাপটতে বিৰল৷

 সম্প্ৰতি হালৈয়ে ৰচনা কৰি উলিয়াইছে ‘লোককলা ওজাপালী আৰু সমাজ’ শীর্ষক আন এখনি মূল্যবান গ্রন্থ। আমাৰ এক ধাৰণা আছে যে আমাৰ অঞ্চলত প্ৰচলিত ওজাপালীহে আচল বা প্রাচীন। আনবোৰ অঞ্চলৰ ওজাপালী বেসুৰীয়া বা বিকৃত। এই ধৰণৰ ধাৰণা সম্প্ৰতি ওজাপালী অনুষ্ঠানটো অসমৰ প্রাচীন লোককলা। এই অনুষ্ঠানটোত অসমৰ অঞ্চল বিশেষে নানা ৰূপ পোৱা যায় । ইয়াৰ দুটা প্রধান ভাগ ব্যাস বা বিয়াহ গোৱা ওজাপালী, সুকনান্নী ওজাপালী, ইয়াৰোপৰি আন এবিধ ওজাপালী ৰাইমন ওজাপালী। অঞ্চল বিশেষে পদ্মাপুৰাণৰ গান, মাৰাই গান, ঢুকুৰীয়া ওজাপালী গীতানুগান, ভাইৰা, আপী ওজাপালী আদি