পৃষ্ঠা:মোৰ জীৱন-সোঁৱৰণ বেজবৰুৱা.djvu/১৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 ২৭ ফেব্ৰুৱাৰী-বেঙ্কৰপৰা দহ হেজাৰ টকা লৈ আচাঞ্চোললৈ গধূলি ৬-৪২ মিনিটত ৰেলত যাত্ৰা কৰিলোঁ।

 ২৮ ফেব্ৰুৱাৰী—তাৰপৰা ভৱানীৰে সৈতে (বি. বৰুৱাৰ ভাগিনীয়েক) ঝাৰ- চোগোড়ালৈ যাবলৈ বি, এন্‌, আৰৰ গাড়ীত উঠিলোঁ। আজি কলিকতাত ইন্দিৰা দেৱীৰ সৈতে প্ৰমথ চৌধুৰীৰ বিয়া। মোৰ আৰু যোৱা নহ'ল।

 ১ মাৰ্চ্চ-কলিকতালৈ ৰাওনা হলোঁ। লগত জাৰ্দ্দিন কোম্পানীৰ ওপৰত ৭৫,০০০ হেজাৰ টকাৰ এখন হুন্ডি লৈ।

 ২ মাৰ্চ্চ-কলিকতাত।

 ৬ মাৰ্চ্চ—ষ্টীল ট্ৰাঙ্কৰ এটা consignment-অৰ নিমিত্তে “হৰিশ চন্দ্ৰ বোস কোম্পানী”ক অৰ্ডাৰ দিলোঁ।

 ১৭ মাৰ্চ্চ–আচাঞ্চোলৰ ঘৰৰ নিমিত্তে কৰগেটেড আইৰণ্‌ চিট কিনি পঠিয়ালোঁ।

 ২৫ মাৰ্চ্চ মোৰ বাইচিকোলখন মেৰামত কৰিবলৈ পঠিযালোঁ।

 ২৮ মাৰ্চ্চ-Watkins কোম্পানীক ৫০০ টকা গাংপুৰৰ ৰজাৰ হকে দিলোঁ হিঙ্গিৰ successions হিচাপত।

 ১২ এপ্ৰিল -গাংপুৰৰ ৰজাক দিবলৈ ১০০০ টকাৰ সোণ কিনি লৈ আচাঞ্চোলেদি ঝাৰচোগোড়ালৈ ৰাওনা হলোঁ।

 ১৬ এপ্ৰিল-হংকং বেঙ্কৰপৰা ১২৫০ টকা আনি গাংপুৰ ৰজাৰ হিচাপত Watking কোম্পানীক দিলোঁ।

 ২৮ এপ্ৰিল—শ্ৰীযুত তৰুণ ফুকনেৰে (বেৰিষ্টাৰ) সৈতে বাইচি- কোলত উঠি ইডেন গাৰ্ডেনৰ ফালে ফুৰিবলৈ গলোঁ।

 ২৯ এপ্ৰিল—পুৱা কেলেডনীষা ডকলৈ গলোঁ। গধুলি বাইচি-কোলৰ দোকানলৈ আৰু তাৰ পিছত বিলিয়াৰ্ড খেলিবলৈ ইন্ডিয়া ক্লাবলৈ গলোঁ।

 ৩০ এপ্ৰিল–আচাঞ্চোললৈ যাত্ৰা।

 ১ মেই—তাত কাৰ্য্য-পৰিদৰ্শন।

 ৩ মেই-পুৱা Mr P N. Bose-অক (সুবিখ্যাত প্ৰমথনাথ বসু) দেখা কৰি, আকৌ ৰাতিৰ গাড়ীত কলিকতালৈ উভতিলোঁ।

 ৮ মেই- অক্ষয় নন্দীযে ঝাৰচোগোডাৰপৰা ২৫,০০০ টকাৰ হুন্ডি এখন J S & Co. ৰ ওপৰত দিলেহি। সেইখন হংকং বেঙ্কলৈ পঠিয়াই ২৫,০০০ টকাৰ সৰু-বৰ নোট আনিলোঁ।

 ৯ মেই-বৰ্দ্ধমানত ঘৰটো চাবলৈ গলোঁ কিনিবৰ মনেৰে দুটা ঘৰ চালোঁ। ভাল নালাগিল।

 ১০ মেই—পুৱা ফলৰ basket ঝাৰচোগোড়ালৈ পঠিয়ালোঁ। গধুলি ২৫,০০০ টকাৰ নোট লৈ ঝাৰচোগোড়ালৈ বুলি আচাঞ্চোললৈ ৰাওনা হলোঁ।

 ১১ মেই- ৰাতি ১১ বাজি ৩০ মিনিটত ঝাৰচোগোড়া পালেহি। বি, বৰুৱা পেন্দ্ৰাত (বি, এন্‌, আৰৰ ষ্টেচন এটা আছিল।