পৃষ্ঠা:মেঘনাদ সাহা.pdf/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২ মেঘনাদ সাহা
 

কৰা বিজ্ঞানৰ বিশেষ শাখা। এক কথাত ক'ব পাৰি, পৰমাণুৰ কেন্দ্ৰৰ গঠন আৰু শক্তি সম্বন্ধীয় বিজ্ঞান।

প্ৰফুল্ল চন্দ্ৰ ৰায় (১৮৬১-১৯৪৪) : ভাৰতীয় ৰসায়নবিদ। বাংলাদেশৰ ৰাৰুলী গাঁৱত জন্ম। কলিকতা আৰু এডিনবৰা বিশ্ববিদ্যালয়ত শিক্ষা লাভ। ১৮৮৯ চনত এডিনবৰা বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ আৰু পাছত কলিকতাৰ প্ৰেচিডেন্স কলেজত অধ্যাপনা আৰু মৌলিক গৱেষণা। ৰসায়ন বিজ্ঞানৰ বহু গুৰুত্বপূৰ্ণ মৌলিক তথ্য আৱিষ্কাৰ;আন্তৰ্জাতিক খ্যাতি অৰ্জন। প্ৰাচীন হিন্দু ৰসায়নৰ ইতিহাস প্ৰণয়ন। কলিকতা বিশ্ববিদ্যালয়ৰ বিজ্ঞান কলেজ স্থাপনৰ প্ৰধান উদ্যোক্তা আৰু ভাৰতত ৰাসায়নিক গৱেষণাৰ ভিত্তি স্থাপনৰ বাটকটীয়া। ১৮৯৩ চনত ভাৰতত মৌলিক ৰসায়ন শিল্পৰ সৰ্বপ্ৰথম প্ৰতিষ্ঠান ‘বেংগল কেমিকেল ৱৰ্কছ’ স্থাপন। ঋষিতুল্য, দেশহিতৈষী বিজ্ঞান সাধক। দেশকল্যাণ আৰু শিক্ষা বিস্তাৰৰ বাবে বিপুল অৰ্থ দান।

প্ৰশান্তচন্দ্ৰ মহলানবিশ (১৮৯৩-১৯৭২) : ভাৰতীয় পৰিসংখ্যাবিদ আৰু পদাৰ্থবিজ্ঞানী। কলিকতা বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞানৰ অধ্যাপক; সংখ্যা বিজ্ঞানৰ প্ৰবৰ্তক। পৰিসংখ্যা বিজ্ঞানক সুদৃঢ় বৈজ্ঞানিক ভিত্তিত প্ৰতিষ্ঠা কৰাত বাটকটীয়া। লণ্ডনৰ ৰয়েল ছচাইটিৰ সদস্য। ভাৰতীয় পৰিসংখ্যা সংসদৰ প্ৰতিষ্ঠাপক সভাপতি। পৰিসংখ্যা বিজ্ঞানলৈ অসামান্য অৱদান; আন্তৰ্জাতিক খ্যাতি অৰ্জন।

বৰ্ণালী-বীক্ষণ যন্ত্ৰ (Spectroscope) : বৰ্ণালী প্ৰস্তুত আৰু পৰীক্ষা কৰা যন্ত্ৰ। ইয়াৰ সহায়ত বৰ্ণালীৰ বিভিন্ন দৃশ্য বৰ্ণ-ৰশ্মিৰ পাৰস্পৰিক অৱস্থান, ঔজ্জ্বল্য আদি সঠিকভাৱে পৰ্যবেক্ষণ আৰু প্ৰত্যক্ষ কৰিব পাৰি।

মেক্স প্লাংক (Max Plank, ১৮৫৭-১৯৪৭) : জাৰ্মান পদাৰ্থবিদ। বিভিন্ন শক্তিৰ বিকিৰণ সম্বন্ধে গুৰুত্বপূৰ্ণ মৌলিক তথ্য আৱিষ্কাৰ; ‘কোৱান্টামবাদ’ ইয়াৰ ভিতৰত বিশেষভাৱে উল্লেখযোগ্য। ১৯০০ চনত উদ্ভাবিত এই সূত্ৰৰ সহায়ত পাৰমাণবিক শক্তি, সৌৰ শক্তি, বিভিন্ন বৰ্ণালীৰ পোহৰ শক্তি আদিৰ পৰিমাণ নিৰ্ধাৰণ আৰু তাত্ত্বিক ব্যাখ্যা সম্ভৱপৰ হৈছে। এই যুগান্তকাৰী সূত্ৰ উদ্ভাৱনৰ স্বীকৃতিস্বৰূপে ১৯১৮ চনত তেওঁ পদাৰ্থ বিজ্ঞানত নোবেল বঁটা লাভ কৰে।

ৰমন পৰিঘটনা: কোনো পদাৰ্থৰ অণুত যদি পোহৰৰ সংঘাত হয়, তেনেহ'লে পোহৰৰ কম্পন সংখ্যা হয় হ্ৰাস বা বৃদ্ধি পাব। ফলত পোহৰৰ ৱিকিৰণ ঘটিব। চমুকৈ এয়ে ৰমন পৰিঘটনাৰ মূলতত্ত্ব।

ৰুবিডিয়াম (Rubidium) : ধাতৱ মৌলিক পদাৰ্থ। সাংকেতিক চিহ্ন Rb, পাৰমাণবিক ওজন ৮৫.৪৮; পাৰমাণবিক সংখ্যা ৩৭। বগা আৰু কোমল ধাতু। ৰাসায়নিক সংযোগৰ