পৃষ্ঠা:মেঘনাদ সাহা.pdf/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০ মেঘনাদ সাহা
 

Water) সম্পৰ্কে গুৰুত্বপূৰ্ণ মৌলিক গবেষণা। ১৯৩৮ চনত নোবেল বঁটা লাভ। পাৰমাণবিক বিভাজনৰ নানা দিশত অৱদান স্মৰণীয়।

এলবাৰ্ট আইনষ্টাইন (১৮৭৯-১৯৫৫): ইহুদি বংশীয় বিশ্ববিশ্ৰুত জাৰ্মান পদাৰ্থবিদ আৰু গণিতজ্ঞ। গণিতত অপূৰ্ব প্ৰতিভা; পদাৰ্থ বিজ্ঞানৰ গবেষণাত আত্মনিয়োগ। ১৯০৫ চনত আপেক্ষিকতাবাদ আবিষ্কাৰ কৰি পদাৰ্থ বিজ্ঞানত যুগান্তৰৰ সূচনা কৰে। গতিবিদ্যা, তাপবিজ্ঞান, মহাকৰ্ষ শক্তি আদি বিষয়ে মূল্যবান গৱেষণা। ১৯২১ চনত পদাৰ্থ বিজ্ঞানত নোবেল পুৰস্কাৰ লাভ।

ওয়া-ল্টাৰ নাৰ্নষ্ট (Walter Nernst. ১৮৬৪-১৯৪১) : জাৰ্মান পদাৰ্থবিদ। ১৯২৫ চনত বাৰ্লিন বিশ্ববিদ্যালয়ৰ পদাৰ্থবিদ্যা বিভাগৰ সঞ্চালক। তাপগতিবিদ্যাৰ তৃতীয় সূত্ৰৰ উদ্ভাৱক। ১৯২০ চনত ৰসায়ন বিজ্ঞানত নোবেল পুৰস্কাৰ লাভ।

কোৱান্টাম তত্ত্ব (Quantam Theory) : শক্তিৰ বিকিৰণ সম্পৰ্কীয় তত্ত্ব। ১৯০০ চনত জাৰ্মান পদাৰ্থবিদ মেক্স প্লাংকে ইয়াক প্ৰকাশ কৰে। এই তত্ত্বমতে, বিকিৰিত শক্তি প্ৰেৰণ আৰু গ্ৰহণ অবিচ্ছিন্নভাৱে নহয়। এই শক্তি কণিকাবোৰক কোৱান্টাম বুলি কোৱা হয়। প্ৰত্যেক কোৱান্টামৰ শক্তি সিহঁতৰ কম্পাংকৰ (Frequency) নিৰ্দিষ্ট গুণ বেছি।

(ছাৰ) চন্দ্ৰশেখৰ ভেংকটৰমন (১৮৮৮-১৯৭০) : ভাৰতীয় পদাৰ্থবিদ। মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ। কেইবছৰমান চৰকাৰী চাকৰি কৰাৰ পিছত কলিকতা বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অধ্যাপকৰূপে যোগদান। পোহৰ আৰু শব্দ বিজ্ঞানৰ মৌলিক গৱেষণাৰে অৱদান আৰু পোহৰ বিজ্ঞানত ‘ৰমন পৰিঘটনা’ (Raman Effect) নামে এক মৌলিক তথ্য আৱিষ্কাৰ। ১৯১৪ চনত লণ্ডনৰ ৰয়েল ছচাইটিৰ এফ আৰ এছ (FRS: Fellow of Royal Society) সন্মান লাভ। ১৯২৯ চনত ‘নাইট’ উপাধিৰে সন্মানিত। ‘ৰমন পৰিঘটনা’ আৱিষ্কাৰৰ স্বীকৃতিস্বৰূপে ১৯৩০ চনত নোবেল বঁটা লাভ। ভাৰত চৰকাৰৰ 'জাতীয় অধ্যাপক’ৰূপে সন্মানিত।

চাইক্লট্ৰন যন্ত্ৰ : উচ্চ শক্তিশালী বিভিন্ন তড়িৎ কণিকা উৎপাদনৰ বাবে উদ্ভাবিত এক ধৰণৰ জটিল যন্ত্ৰ।

চিজিয়াম (Ceasium) : ক্ষাৰীয় শ্ৰেণীৰ ধাতৱ মৌল। সাংকেতিক চিহ্ন Cs; পাৰমাণবিক ওজন ১৩২.৯১; পাৰমাণবিক সংখ্যা ৫৫। বিদ্যুৎ কোষ নিৰ্মাণত ইয়াৰ যৌগ ব্যৱহৃত হয়।

জগদীশ চন্দ্ৰ বসু (১৮৫৮-১৯৩৭): ভাৰতীয় পদাৰ্থবিদ আৰু উদ্ভিদ বিজ্ঞানী। কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ স্নাতক (B Sc); ১৮৯৬ চনত লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ। কলিকতাৰ প্ৰেচিডেন্সি কলেজত অধ্যাপনা। পদাৰ্থ বিজ্ঞানত অনাঁতাৰ তৰংগ