পৃষ্ঠা:মেঘনাদ সাহা.pdf/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 


 

মেঘনাদ সাহাঃ
সংক্ষিপ্ত জীৱন-পঞ্জী



১৮৯৩ : ৬ অক্টোবৰ : ঢাকাৰ ওচৰৰ শেওৰাতলী গাঁৱত মেঘনাদ সাহাৰ জন্ম।

১৯০৫ : ঢাকা কলেজিয়েট বিদ্যালয়ত নাম ভর্তি। ঐতিহাসিক বংগ ভংগ

 আন্দোলন আৰম্ভ।

১৯০৯ : পূৰ্ববংগৰ ভিতৰত প্রথম স্থান অধিকাৰ কৰি প্রবেশিকা পৰীক্ষাত

  উত্তীর্ণ। ঢাকা কলেজৰ ইন্টাৰমেডিয়েট শ্ৰেণীৰ বিজ্ঞান শাখাত নাম ভর্তি।

১৯১১ : বিশ্ববিদ্যালয়ৰ ভিতৰত তৃতীয় স্থান লাভ কৰি ইন্টাৰমেডিয়েট পৰীক্ষাত

 উত্তীর্ণ।

 কলিকতাৰ প্ৰেচিডেন্সি কলেজৰ স্নাতক শ্ৰেণীত নাম ভর্তি।

১৯১৩ : গণিতত সন্মানসহ প্রথম শ্ৰেণীৰ দ্বিতীয় স্থান লাভ কৰি স্নাতক

 পৰীক্ষাত উত্তীর্ণ।

১৯১৫ : প্ৰথম শ্ৰেণীৰ দ্বিতীয় স্থান লাভ কৰি গণিতত স্নাতকোত্তৰ ডিগ্ৰী লাভ।

 কলিকতা বিশ্ববিদ্যালয়ৰ প্ৰায়োগিক গণিতৰ প্ৰবক্তাৰূপে যোগদান।

১৯১৬ : কলিকতা বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ প্ৰবক্তাৰূপে যোগদান।

১৯১৭ : সাহাৰ প্ৰথমখন গৱেষণাপত্র ‘মেক্সৱেলৰ প্ৰতিচাপ' (Maxwell's

 Stress) ফিল'ছ'ফিকেল মেগাজিনত প্রকাশ।