পৃষ্ঠা:মেঘনাদ সাহা.pdf/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

ব্ৰহ্মাণ্ডৰ সৃষ্টি ৰহস্যৰ ব্যাখ্যাত নিশ্চিত ভূমিকা লৈ আজিও সমাদৃত ‘সাহা সমীকৰণ’

 সংসদত থকাৰ সময়ত এবাৰ জৱাহৰলাল নেহৰুৱে খঙত সাহাক অচল হৈ যোৱা বিজ্ঞানী বুলি অভিহিত কৰিছিল। ইয়াৰ উত্তৰত সাহাই কৈছিল, “বহু অচল ৰাজনীতিবিদ সময়ৰ কৰাল সোঁতত বিলীন হৈ যাব; তেতিয়াও কিন্তু এই অচল বিজ্ঞানীৰ নাম আজিৰ পৰা এক শতিকাৰ পিছলৈও জীৱন্ত হৈ থাকিব।” সাহাৰ ভৱিষ্যৎবাণী নিৰ্ভুল আছিল। কিন্তু তেওঁ অনুমান কৰিব পৰা নাছিল যে, পৃথিৱীৰ বাহিৰতো তেওঁৰ নাম অক্ষয় হৈ থাকিব। চন্দ্ৰৰ ভূ-পৃষ্ঠত সিচঁৰতি হৈ থকা গহ্বৰবোৰ বিশ্বৰ সমস্ত প্ৰসিদ্ধ জ্যোতিৰ্বিজ্ঞানীৰ নামেৰে চিহ্নিত কৰা হৈছে। তেওঁলোকৰ মাজত সাহাও আছে, পৃথিৱীৰ সীমা চেৰাই জোনৰ বুকুত!