পৃষ্ঠা:মাটিৰ চাকিৰ শিখা.pdf/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪
 

মোৰ লজ্জানত দুচকুত
তোমাৰ বাসনা শিখা কঁপে,
উচ্ছল জীৱন-পাত্ৰ শূণ্য কৰি দিলোঁ বাকি
দেহ-মন-আত্মাৰ সম্পদ।

মই নাৰী, দিয়াতে আনন্দ মোৰ ,
জন্মৰ যত ক্লেশ, জীৱনৰ যত অসুন্দৰ
আচলেৰে আঁৰ কৰি
সজালোঁ তোমাৰ বাবে
সাধনাৰ নিৰলা কুটীৰ ,
নিজ হাতে খুলি দিলো পূব বাতায়ন
তুমি জোন-তৰা-আকাশেৰে পাতিবা মিতালি।
ৰ'দে পোৰা শ্ৰান্ত কপালত
শীতল এখনি হাত-
শিল্পীৰ দুচকুত সপোনে নাচিলে,
অজন্তাৰ ইলোৰাৰ নিভৃত গুহাত
মোহিনী নাৰীৰ বেশে শিলে সাৰ পালে।
মই মাটিৰ মায়াত বন্দী
ধূলিনে ধেমালি খেলো
ধূলিতেই জীৱনৰ আলপনা ৰচোঁ।
থাপনাৰ চাকিটিয়ে
পোহৰায় এধানি পৃথিবী মোৰ,
শিশুৰ কাকলি শুনি সৰগৰ সপোন পাহৰো।

অৰণ্যৰ শ্যামলিমা, ফুলৰ সুৰভি লৈ
বহুতো বসন্ত আহি ফিৰি ফিৰি গ'ল ,
আজি মোৰ তুলিকাত ৰং নাই
কণ্ঠত ভাষা নাই
মই ৰিক্তপাত্ৰ, ৰংহীন পুৰাতন মাটিৰ পুতলা।
নিত্য নতুন তুমি আবেগ অধীৰ প্ৰেমে
ধৰণীক বান্ধিছা সদায়ে ,