পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪০
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী


তুৱা হৰি লাগো গোড়  মোৰ মায়া-পাশ ছোড়
 শঙ্কৰ কৰয় কাকূতি॥

( বৰগীত, ১৬)

৯।

তোমাৰ মায়াত সৰ্ব্বলোক ভৈল ভ্ৰম!
কৰ্ম্মপথে ভ্ৰমি মৰে কৰে অহম্মম॥

(দশম, ১৮৪২)

১০।

অনাদি পুৰুষ কৃষ্ণ জগত-কাৰণ।
স্ৰজিলা মায়াক সঙ্গে লৈয়া ভূতগণ॥
জীৱৰ বিষয় সুখ নিমিত্তে ঈশ্বৰ।
পঞ্চভূতে স্ৰজিলা বিবিধ কলেৱৰ॥
মায়ায়ে উপায়ে প্ৰাণী স্ৰজিলা অশেষ।
তাতে অন্তৰ্য্যামী ৰূপে ভৈলন্ত প্ৰবেশ॥
বিভঞ্জিয়া আপোনাক প্ৰভু নাৰায়ণ।
স্ৰজিলা- ইন্দ্ৰিয় যত ভূত প্ৰাণ মন॥
ইন্দ্ৰিয়ৰ সঙ্গে জীৱে ভুঞ্জে বিষয়ক।
আত্মা বুলি মানে মায়াময় শৰীৰক॥
সবে মহা মোহে অতি হোৱে জ্ঞান-শূন্য।
সকামে অনেক কৰ্ম্ম কৰে পাপ-পুণ্য॥
সেহি কৰ্ম্ম-ফল ভুঞ্জি ভ্ৰমে সংসাৰত।
নাহি অন্ত জীৱৰ যাতনা দুঃখ যত॥
মিছা মায়াময়ত ওপজে মৰে জীৱ।
এহি লীলা আতে প্ৰীতি হোন্ত সদাশিৱ॥

(নিমি নৱসিদ্ধ, ১০৮—১১১