পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৯
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী


পৰম আতুৰ হুয়া  তোমাৰ শৰণ লৈলো
 মায়াক নিবাৰা জগন্নাথ॥

(কীৰ্ত্তন, ১৬৭১)

৬। যত দেখা কায়া  সুত বিত্ত জায়া
 মায়াকে সৱ বন্ধ॥
হামু যত জীৱ  শিৱ তেৰি অংশা
 কহে ওহি মোহ-বন্ধ॥

(বৰগীত ৭)

৭। তোমাৰেসে মায়া  কৰ্ম্মে বন্দি হুয়া
 সংসাৰে উপজোঁ মৰোঁ।
দুঃখ সাগৰত  ত্ৰাণ কৰা হৰি
 তোমাৰ চৰণে ধৰোঁ॥

(কীৰ্ত্তন, ১৬৬৬)


৮। এ ভৱ গহন বন  আতি মোহ-পাশে ছন্ন
 তাতে হামো হৰিণ বেড়ায়।
ফন্দিলো মায়াৰ পাশে  কাল-ব্যাধ ধায়া আসে
 কাম-ক্ৰোধ কুত্তা খেদি খায়॥
হৰাইল চেতন হৰি  নজানো কিমতে তৰি
 গুণিতে দগধ ভৈল জীৱ।
লোভ-মোহ দুহো বাঘ  সততে নছাড়ে লাগ
 ৰাখু ৰাখু সদাশিৱ॥
পলাইতে নেদেখো সন্ধি  দিনে দিনে দৃঢ় বন্দি
 ভৈল মন্দ মনৰ যুগুতি।