পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪১
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী


১১। একেশ্বৰে থাকি আমি কৰো কোন কাজ।
 শৰীৰৰপৰা সবে জীৱ হউক বাজ॥
 মায়াৰ হাতত কৰাও জগত প্ৰকাশ।
 কৰো সৃষ্টি লীলা আবে বিনোদ বিলাস॥

(অনাদি পাতন, ৪৩)


১২। ভগৱন্ত মাধৱৰ অভয় চৰণে॥
 কৰিলে আশ্ৰয় যিটো কায়-বাক্য-মনে॥
 ঈশ্বৰ মাধৱে তেবে কৰে তাক দায়া।
 তৰয় দুৰ্ঘোৰ সিটো ঈশ্বৰৰ মায়া॥ .

(ৰত্নাকৰ, ১০৪৬-১০৪৭)


১৩। জন্ম মৰণৰো যিটো কাৰণ প্ৰকৃতি।
 জীৱকো আৱৰৈ সিটো তোমাৰ শকতি॥
 জগতকে ব্যাপি কৰা আপুনি প্ৰকাশ।
 জগতকে বিনাশে তোমাৰ নাহি নাশ॥
 যেন ঘট আকাশে কুণ্ডল হোৱে স্বৰ্ণ।
 নুহি নষ্ট কদাচিতো মৃত্তিকা সুৱৰ্ণ॥
 তুমি সত্য ব্ৰহ্ম মিছা জগত স্ৰজনা।
 তোমাৰ মায়ায়ে কৰৈ তোমাত কল্পনা॥

(কুৰুক্ষেত্ৰ, ১৯৩৪৪-১৯৩৪৬)

কাল

১। জানো নাই ইটো দুংখ লিখিত তোহ্মাৰ।
 কালে ঘটাইলেক আসি ইসব নিকাৰ॥