পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী।

২।বিভঞ্জিয়া আপোনাক প্ৰভু নাৰায়ণ।
স্ৰজিলা ইন্দ্ৰিয় যত ভূত প্ৰাণ মন॥
ইন্দ্ৰিয়ৰ সঙ্গে জীৱে ভুঞ্জে বিষয়ক।
আত্মা বুলি মানে মায়াময় শৰীৰক॥

(নিমি নৱসিদ্ধ, ১০৯-১১০)

⸻⸻

জীৱ আৰু ঈশ্বৰ

১। সেহিসে ঈশ্বৰ  যাৰ বশ্যমায়া
 পৰম আনন্দময়।
মায়া মৰ্দ্দে যাক  তাকে বুলি জীৱ
 দুখতে তাৰ উদয়॥
অতি সুখ ৰূপ  আনন্দে যুগুত
 চৈতন্যৰূপ ঈশ্বৰ।
তাহাৰে মায়ায়ে  ঢাকিলেক নিজ
 আনন্দ-সুখ জীৱৰ॥
দুঃখচয়ে বেঢ়ি  আছয় জীৱক
 পাৱে অতি মহাখেদ।
কহিলোঁ প্ৰত্যেক  জানিবা এতেক
 জীৱ-ঈশ্বৰৰ ভেদ॥

(ৰত্নাকৰ ভাঃ, ৭৫৮- ৭৫৯)