পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী।

২৷যেখনে নিৰ্ভৰ নিদ্ৰা হোৱে উপস্থিত।
ইন্দ্ৰিয় সকল অহঙ্কাৰৰ সহিত॥
তেখনে আত্মাত গৈয়া সবে হোৱে লয়।
সেহি কালে আত্মা সাক্ষী স্বৰূপে থাকয়॥
জীৱৰ হোৱয় আত্মা মাত্ৰ অনুভৱ।
নথাকয় বিষয় সম্বন্ধ লেশ লৱ॥
আত্মা অনুভৱ যদি ভৈলেক জীৱৰ৷
তেৱে কিয় সংসাৰক পাৱয় পুনৰ॥
তাহাৰ উত্তৰ শুনা হুয়া সাৱধান॥
সিকালতো থাকয় অবিদ্যা বিদ্যমান॥
সেহি হেতু ঘটে পুনু সংসাৰ আপদ।
লিঙ্গ দেহ ভাঙ্গিলেসে মিলে মোক্ষ পদ॥

(নিমি নৱসিদ্ধ, ১৯৬–১৯৮)


⸻⸻

জীৱ

১। তাকে বুলি জীৱ মন এৰে ভিন্ন নুই।
এক পিণ্ড ভৈল যেবে লোহা অস্থি দুই॥

(অনাদি পাতন, ৬৭)