পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী


২। জীৱত কৰিয়া বিলক্ষণ ৰূপে
 থাকা তুমি নাৰায়ণ॥
তুমি নিত্য মুক্ত  চৈতন্য তুমিসি
 নিত্য বদ্ধ জড়-জীৱ।
তোমাৰ সেৱাত  হোৱে মুক্ত জীৱ
 তুমি দেৱ সদাশিৱ॥
তুমি মাত্ৰ শুদ্ধ  তুমিসি সৰ্ব্বজ্ঞ
 নিৰ্ব্বিকাৰ ভগৱন্ত।
তিনিয়ো গুণৰ তুমিসি ঈশ্বৰ
 তোমাৰ নাহিকে অন্ত॥
অতি অজ্ঞ জীৱ বিকাৰ পৰম
 অশুদ্ধ অতি হোৱয়।
ভৈল ভাগ্য হীন গুণৰ অধীন
 জীৱে একো নেদেখয়॥
অখণ্ডিত দৃষ্টি তুমি সবে দেখা
 পুৰুষ আদি অনাদি।
অজ্ঞৰ তুমিসি অধিষ্ঠাতা দেৱ
 জীৱৰ আছয় আদি।

(ৰত্নাকৰ ভাঃ, ৭৬০—৭৬২)


৩। বোলন্ত উদ্ধৱ  যিটো পৰমাত্মা
 তান কৰ্ম্ম নাহিকয়।
জীৱৰ নিয়ন্তা  তাহাৰ শকতি
 মনো সচালিত হয়॥